চিটাৰা ডেস্ক, 31 মে' : COVID-19 মহামাৰীৰ পৰিপেক্ষিতত দেশত চলি থকা লকডাউনৰ সময়খিনিত সকলো মানুহ ঘৰৰ ভিতৰত সোমাই থাকিব লগা হৈছে ৷ ব্যতিক্ৰম হোৱা নাই বলীউড তাৰকাসকলৰ ক্ষেত্ৰতো ৷ সকলোৱে এই সময়ছোৱাত নিজৰ ঘৰতে থাকি অনুৰাগীৰ সৈতে সংযুক্ত হোৱাৰ ক্ষেত্ৰত ছচিয়েল মিডিয়াৰ সহায় লৈছে ৷ এই সময়ছোৱাত ছচিয়েল মিডিয়াযোগে বহুজনে নিজৰ ব্যক্তিগত জীৱনৰ কিছু আভাস দিয়াৰ চেষ্টা কৰিছে ৷
শেহতীয়াকৈ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে এক টুইট প্ৰকাশ কৰিছে, য'ত তেঁও লিখিছে লকডাউনৰ সময়ছোৱাত তেঁও যিমানখিনি শিকিছে সিমানখিনি নিজৰ জীৱনৰ 78 টা বছৰতো শিকা নাছিল ৷
অমিতাভ বচ্চনৰ এই প'ষ্টটোত তেঁওৰ অনুৰাগী সকলে যথেষ্ট প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷