চিটাৰা ডেস্ক,16জুলাইঃ মেগাষ্টাৰ অমিতাভ বচ্চন বৰ্তমান ভৰ্ত্তি হৈ আছে মুম্বাইৰ নানাৱতী হাস্পতালত ৷ বৃহস্পতিবাৰে তেওঁ টুইট যোগে এটা বিশেষ বাৰ্তা দিয়ে অনুৰাগীসকলক ৷ তেওঁ মানুহক নিজৰ ওপৰত আত্মনিয়োগ কৰিবলৈ কোৱাৰ লগতে নেতিবাচক চিন্তাধাৰা পৰিস্কাৰ কৰাৰ বাবে আহ্বান কৰিছে ৷
প্ৰথমে অভিনেতাগৰাকীয়ে সংস্কৃত ভাষাত প'ষ্টটো দিয়ে আৰু পিছত টুইট কৰি তাৰ অৰ্থ ভাঙনি কৰে ৷ বচ্চনে নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে অনুৰাগীসকলক 6টা নকাৰাত্মক ধাৰণাৰ বিষয়ে সকিয়াই দিয়ে ৷ অসন্তুষ্টি,ক্ৰোধ,ইৰ্ষা,অৰুচি আৰু সন্দেহৰ দৰে ধাৰণাৰ কথা প্ৰকাশ কৰে বিগ বি বচ্চনে ৷
তেওঁ টুইট যোগে লিখে," যি সকল লোকে ইৰ্ষা,অৰুচি,অসন্তুষ্টি,ক্ৰোধ আৰু সকলো অন্য মানুহৰ প্ৰতি সন্দেহ ব্যক্ত কৰে,যি আনৰ পৰা সদায় আঁতৰত থাকে ,সেই সকল মানুহৰ জীৱন সদায় দুখৰ হয় ৷ সম্ভৱ হ'লে এনেধৰণৰ লক্ষণ থকা মানুহৰ পৰা নিজক বচাব ৷"