চিটাৰা ডেস্ক, 31 ডিচেম্বৰ:বলিউডৰ বিগ-বি খ্যাত বহুমুখী প্ৰতিভাৰ অভিনেতা অমিতাভ বচ্চনে নাতিনী আৰাধ্যা বচ্চনৰ সৈতে এটি গীত বাণীবদ্ধ কৰিছে ৷ বুধবাৰে নিশা টুইটাৰৰ জৰিয়তে 78 বৰ্ষীয় প্ৰবীণ অভিনেতা গৰাকীয়ে ষ্টুডিঅ'ত গীত বাণীবদ্ধ কৰা মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰি অনুৰাগী সকলক এই কথা জানিবলৈ দিয়ে ৷
নাতিনীয়েকৰ সৈতে ফটোখন শ্বেয়াৰ কৰি তেওঁ এইবুলি লিখে,"... tomorrow dawns ... and the celebrations begin ... but for what ... it's just another day another year ... big deal! Better off making music with the family."
ফটোখনত দেখা গৈছে যে 9 বছৰীয়া আৰাধ্যাৰ সৈতে আৰাধ্যা পিতৃ মাতৃ ঐশ্চৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনো ষ্টুডিঅ'ত উপস্থিত আছিল ৷