চিটাৰা ডেস্ক, 12 অক্টোবৰ :অমিতাভ বচ্চনে এতিয়া অভিনয়ৰ পৰা 'graceful retirement' ল’ব লাগে ৷ তেওঁ এক সুদীৰ্ঘ অভিনয় যাত্ৰা অতিক্ৰম কৰিছে এতিয়া তেওঁ কিছু বছৰ এই দৌৰৰ পৰা আঁতৰি থাকি নিজক সময় দিব লাগে ৷ বিগ-বিক এই পৰামৰ্শ তেওঁৰ সৈতে দহখনতকৈয়ো অধিক ছবিত একেলগে কাম কৰা জনপ্ৰিয় চিত্ৰনাট্যকাৰ চলীম খানৰ ৷
অমিতাভ বচ্চনৰ দীৰ্ঘ অভিনয় কেৰিয়াৰ সন্দৰ্ভত মন্তব্য কৰি এইদৰে নিজৰ মতামত ব্যক্ত কৰে চিত্ৰনাট্যকাৰ গৰাকীয়ে ৷ তেওঁ কয় যে, "অমিতাভ বচ্চনে এতিয়া অৱসৰ ল’ব লাগে ৷ তেওঁ জীৱনত অৰ্জন কৰিব পৰা সকলোখিনি লাভ কৰিছে ৷ তেওঁ এতিয়া কিছুবছৰ নিজৰ বাবে সজতনে ৰাখিব লাগে ৷ অমিতাভ বচ্চনে পেছাদাৰীভাৱে এটা সুন্দৰ ইনিংছ খেলিছে । তেওঁ ভাল কাম কৰিছে গতিকে তেওঁ এতিয়া নিজকে এই দৌৰৰ পৰা মুক্ত কৰিব লাগে । তেওঁ graceful retirement ল'ব লাগে"
চলীম খানে কিয় এনেদৰে ভাবে সেই সন্দৰ্ভত মন্তব্য কৰি কয়, অৱসৰৰ ব্যৱস্থাটো এইকাৰণেই আছে যাতে এজন ব্যক্তিয়ে জীৱনৰ কিছু সময় নিজৰ ইচ্ছা অনুসৰি কটাব পাৰে ৷ তেওঁ নিজৰ উদাহৰণ দি কয়, "মোৰ পৃথিৱীখন এতিয়া নিৰ্দিষ্ট ৷ মই যাৰ সৈতে খোজ কাঢ়িবলৈ যাওঁ তেওঁলোক আটায়ে ছবিজগতৰ বাহিৰৰ ব্যক্তি ৷"