চিটাৰা ডেস্ক,3 মে'ঃ চুপাৰষ্টাৰ আমিৰ খান আৰু পত্নী কিৰণ ৰাও আৰু কন্যা ইৰা খানে সুন্দৰকৈ সাজি কাচি ঘৰতে উপভোগ কৰিলে "মিচেজ ছিৰিয়েল কিলাৰ" ছবিৰ প্ৰিমিয়াৰ ৷
আমিৰ খানৰ ভতিজী জায়ন মেৰীৰ প্ৰথমখন ডিজিটেল ছবি " মিচেজ ছিৰিয়েল কিলাৰ " চাবলৈ এনেদৰে একেলগে বহিল আমিৰ খানৰ পৰিয়াল ৷ আমিৰ খানৰ সম্বন্ধীয় ভায়েক মঞ্চুৰ খানৰ কন্যা জায়ন মেৰী ৷ মঞ্চুৰ খানে কয়ামত চে কয়ামত তক , জৌছ, অকেলে হম অকেলে তুমৰ দৰে বহুকেইখন ছবিৰ নিৰ্দেশনা কৰিছিল ৷