নিউজ ডেস্ক, 28 জুলাইঃ 2020 চনৰ খ্ৰীষ্টমাছ দিনা আমিৰ খানৰ সমুখত ৰণত নামিব অক্ষয় কুমাৰ ৷ উক্ত দিনা মুক্তি পাব অভিনেতা অক্ষয় কুমাৰ অভিনীত ছবি বচ্চন পাণ্ডে ৷ ইয়াৰ বিপৰীতে একেটা দিনতে মুক্তি দিয়া হ'ব আমিৰ খানৰ আগন্তুক ছবি লাল সিং ছদ্দা ৷ শেহতীয়াকৈ মুকলি কৰা হৈছে বচ্চন পাণ্ডেৰ ফাষ্ট লুক৷ ছবিখনৰ পোষ্টাৰত পিন্ধনত লুঙি আৰু ডিঙিত মালাৰ সৈতে দেখা পোৱা গৈছে অক্ষয় কুমাৰক ৷ উক্ত ছবিখনক লৈ আশাবাদী পৰিচালক ফৰহাদ সামজী ৷
2020 ত আমিৰ-অক্ষয়ৰ "সংঘৰ্ষ নিশ্চিত" - etv bharat
শেহতীয়াকৈ মুকলি কৰা হৈছে বচ্চন পাণ্ডেৰ ফাষ্ট লুক ৷ ছবিখনৰ পোষ্টাৰত পিন্ধনত লুঙি আৰু ডিঙিত মালাৰ সৈতে দেখা পোৱা গৈছে অক্ষয় কুমাৰক ৷ উক্ত ছবিখনক লৈ আশাবাদী পৰিচালক ফৰহাদ সামজী ৷
2020 ত আমিৰ-অক্ষয়
আনহাতে 2020 চনৰ খ্ৰীষ্টমাছলৈ উৎকণ্ঠাৰে বাট চাইছে চলচ্চিত্ৰ প্ৰেমীয়ে কাৰণ উক্ত দিনত এখন আকৰ্ষণীয় যুঁজৰ বাবে সাজু হৈছে দুই অভিনেতা ৷ এই ক্ষেত্ৰত বাণিজ্যিক বিশ্লেষক টৰণ আদৰ্শেও টুইটাৰযোগে "সংঘৰ্ষ নিশ্চিত" বুলি এটা পোষ্ট শ্বেয়াৰ কৰে ৷