চিটাৰা ডেস্ক, 15 মাৰ্চ :জন্মদিনটো আন দিনাতকৈ অলপ বিশেষ হোৱাটো সকলোৱে কামনা কৰে ৷ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰো আজি জন্মদিন (Alia Bhatt turns 29 today) ৷
ৰণবীৰ কাপুৰৰ সৈতে আলিয়াৰ প্ৰেমৰ সম্পৰ্ক সৰ্বজনবিদিত (Ranbir Alia relationship) ৷ ৰণবীৰৰ পৰিয়ালৰে সৈতেও আলিয়াৰ সম্পৰ্ক অতি মধুৰ ৷ আলিয়াৰ জন্মদিন বিশেষ হিচাপে ৰণবীৰৰ মাতৃ নীতু কাপুৰে নিজৰ ইন্ষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে দুয়োৰে এখন ব্যক্তিগত মূহুৰ্তৰ ফটো ৷ কেপচনত আলিয়াৰ হ’বলগীয়া শাহুৱেকে লিখিলে, ভিতৰে-বাহিৰে সৌন্দৰ্যৰ গৰাকীলৈ জন্মদিনৰ শুভেচ্ছা ৷
বৰ্তমান আলিয়াই ভগ্নী শ্বাহিন ভাট আৰু মাতৃৰ সৈতে কটাইছে ব্যক্তিগত সময় ৷ জন্মদিন উদযাপনৰ বাবে আলিয়াই মাতৃ-ভগ্নীৰ সৈতে উৰা মাৰিছে মালদ্বীপলৈ ৷ ৰণবীৰ কাপুৰে এই বাৰ্থডে’ চেলিব্ৰেছনত অংশ ল’বনে নাই, সেই বিষয়ে অনুৰাগীক জনোৱা নাই আলিয়াই ৷