অসম

assam

By

Published : Feb 28, 2022, 4:50 PM IST

ETV Bharat / sitara

ৰণবীৰৰ সৈতে বিয়াকলৈ আনে মূৰ ঘমোৱাটো নিবিচাৰে আলিয়াই

তাৰকা সকলৰ ব্যক্তিগত জীৱন বুলি ক’বলৈ গ’লে আচলতে একোৱেই নাথাকে ৷ অনুৰাগীসকলৰ অধিকাংশই বুজি নাপাই ব্যক্তিগত সময়ৰ কথা বা অনুৰাগীয়ে বুজি পালেও পাপাৰাজী আৰু কেমেৰাই কেতিয়াও পিছ নেৰে এই সকল তাৰকাৰ ৷ শেহতীয়াকৈ সাংবাদিকৰ প্ৰশ্নত অতিষ্ঠ হৈ পৰিল আলিয়া ভাট ৷ বিয়াৰ প্ৰসংগত অধিক আলোচনা পছন্দ নকৰে আলিয়াই (Alia Bhatt on marriage with Ranbir Kapoor) ৷

Ranbir Alia Marriage
বিয়াৰ প্ৰসংগত অধিক আলোচনা পছন্দ নকৰে আলিয়াই

চিটাৰা ডেস্ক, 28 ফেব্ৰুৱাৰী: গংগুবাই কাথিয়াৱাড়ীৰ প্ৰচুৰ সফলতাৰে বাতৰিৰ শীৰ্ষত থকা আলিয়াৰ উঠিছে খং ৷ মুক্তিৰ পিছতে প্ৰথম সপ্তাহতে 38.5 কোটি টকাৰ অভিলেখ গঢ়া ছবিখনৰ বৃহৎ সফলতাৰ পিছতো কি খঙত জ্বলিছে আলিয়া ! মাজে মাজে কিয় অভিনয় জগতলৈ আহিল বুলিও ভাৱে আলিয়াই ! দৰাচলতে আলিয়াই অনুভৱ কৰিছে মানুহ চেলিব্ৰিটীৰ জীৱনটোক লৈ অধিক আগ্ৰহী ৷ সেইকাৰণে বহুতো আঁতৰি থাকিব বিচাৰে লাইমলাইটৰ পৰা (alia bhatt on fous on personal life) ৷

বহুসময় ধৰি ৰণবীৰ কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা আলিয়াই শেহতীয়াকৈ জনাইছে যে নিজৰ ব্যক্তিগত জীনৱৰ বিষয়ে আলোচনা কৰি ভাল নেপায় অভিনেত্ৰী গৰাকীয়ে (Alia on her marriage with Ranbir) ৷ আলিয়াই কয়, "মই কেতিয়া বিয়া পাতিম (Alia Bhatt on marriage with Ranbir Kapoor ), কেতিয়া দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিম এই বিষয়ত একো জনাব নিবিচাৰো কাৰণ এই বিষয়ে বেলেগে জনাৰ দৰকাৰ নাই, ৷"

অতি শীঘ্ৰেই আলিয়াৰ ২০২২ চনত হিন্দী চলচ্চিত্ৰ জগতত এটা দশক সম্পূৰ্ণ হ’ব । ২০১২ চনত কৰণ জোহৰৰ ষ্টুডেণ্ট অফ দা ইয়েৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল আলিয়াই ৷ কেইবাখনো হিট চিনেমা হাইৱে, হাম্পটি শৰ্মা কি দুলহানিয়া, উড়তা পাঞ্জাৱ, ডিয়েৰ জিন্দগী, ৰাজী আদিৰ দৰে হিট ছবি উপহাৰ দিছে আলিয়াই ।

ছবিজগতত নিজৰ যাত্ৰা সুঁৱৰি চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাট আৰু অভিনেত্ৰী সোনি ৰাজদানৰ কন্যা আলিয়াই কয়, "মই ভাবো মই নিশ্চিতভাৱে এজন অভিনেতা আৰু মানুহ হিচাপে বিকাশ লাভ কৰিছো ।"

সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে কাম কৰাৰ পিছত চিনেমাৰ প্ৰতি নিজৰ দৃষ্টিভংগী সলনি হৈছে বুলি মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ৷ এইয়া কোনো প্ৰতিযোগিতাৰ ক্ষেত্ৰ নহয়, ই হৈছে এক সৃষ্টিশীল ক্ষেত্ৰ ৷ নিজৰ মাজৰ সৃষ্টিশীলতাৰে কাম কৰি আত্মসন্তুষ্টি লাভেৰে কাম কৰি যাব লাগে, এনেদৰে নিজৰ অনুভৱ প্ৰকাশ কৰিলে আলিয়াই ৷

লগতে পঢ়ক:Ranbir's response to Gangubai Kathiawadi: গংগুবাই কাথিয়াৱাড়ী সম্পৰ্কত আলিয়াই নাজানে ৰণবীৰৰ মনৰ কথা !

ABOUT THE AUTHOR

...view details