অসম

assam

ETV Bharat / sitara

Gangubai Kathiawadi world premiere: ছবিৰ মুক্তিৰ পূৰ্বে বাৰ্লিনলৈ ৰাওনা হ’ল আলিয়া

'গঙ্গুবাই কাথিয়াৱাড়ী'ৰ ৱৰ্ল্ড প্ৰিমিয়াৰৰ বাবে আলিয়া ভাট বাৰ্লিনলৈ ৰাওনা হৈছে (Gangubai Kathiawadi world premiere) ৷ সঞ্জয় লীলা ভাঞ্চালীৰ নিৰ্দেশনাৰে আহিবলগীয়া ছবি 'গঙ্গুবাই কাথিয়াৱাড়ী'ক লৈ ছবিখনৰ কলা-কুশলীসকলৰ লগতে চলচ্চিত্ৰপ্ৰেমী ৰাইজো উৎসুক হৈ আছে ৷

By

Published : Feb 15, 2022, 1:01 PM IST

Gangubai Kathiawadi world premiere
ছবিৰ মুক্তিৰ পূৰ্বে বাৰ্লিনলৈ ৰাওনা হৈছে আলিয়া

চিটাৰা ডেস্ক, 15 ফ্ৰেব্ৰুৱাৰী : বহু প্ৰতিক্ষীত ছবি গঙ্গুবাই কাথিয়াৱাড়ীৰ মুক্তিৰ দিন নিচেই কাষত ৷ ছবিখনত প্ৰায় দুটা দশকৰ অন্তত একেলগে কাম কৰিছে অজয় দেৱগণ আৰু সঞ্জয় লীলা ভাঞ্চালীয়ে ৷

ইতিমধ্যে মুক্তিৰ পূৰ্বেই বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে ছবিখন ৷ বাৰ্লিনৰ বাৰ্লিনালে স্পেচিয়েল গালাছত ৱৰ্ল্ড প্ৰিমিয়াৰ হ’ব গঙ্গুবাই কাথিয়াৱাড়ীৰ (Gangubai Kathiawadi world premiere) ৷

আলিয়া ভাট ইতিমধ্য়েই ৰাওনা হৈছে বাৰ্লিনলৈ বায়েক শ্বাহীন ভাটৰ সৈতে ৷ নিশা মুম্বাই এয়াৰপ’ৰ্টত দেখা পোৱা গ’ল ভাট চিষ্টাৰছ্ক একেলগে ৷

'গঙ্গুবাই কাথিয়াৱাড়ী'ৰ ৱৰ্ল্ড প্ৰিমিয়াৰৰ বাবে আলিয়া ভাট বাৰ্লিনলৈ ৰাওনা হৈছে

সম্পূৰ্ণ বগা সাজত আলিয়াৰ এয়াৰপ’ৰ্ট লুক আছিল আকৰ্ষণীয় ৷ টাৰ্টল নেকৰ এটা বগা টপৰ লগত একে ৰঙৰে এটা ট্ৰাউজাৰ পৰিধান কৰিছিল আলিয়াই ৷

'গঙ্গুবাই কাথিয়াৱাড়ী'ৰ ৱৰ্ল্ড প্ৰিমিয়াৰৰ বাবে আলিয়া ভাট বাৰ্লিনলৈ ৰাওনা হৈছে

গঙ্গুবাই কাথিয়াৱাড়ীত এগৰাকী পতিতাৰ ৰূপত অভিনয় কৰিছে আলিয়াই (Alia Bhatt new movie) ৷ ছবিখন 25 ফ্ৰেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব ৷

লগতে পঢ়ক:Bollywood Actresses who play Prostitute: পতিতাৰ চৰিত্ৰ ৰপায়ন কৰা 6 গৰাকী বলীউড তাৰকা

ABOUT THE AUTHOR

...view details