চিটাৰা ডেস্ক, 9 জুলাই: বলিউদৰ পাচত এইবাৰ হলিউদৰ সুযোগলৈ অপেক্ষাৰত আলিয়া ভাট ৷ নিজৰ অনন্য অভিনয়েৰে সমালোচক তথা দৰ্শকক সন্তুষ্ট কৰাৰ পাচত এইবাৰ হলিউদত খোজ পেলাবলৈ অভিনেত্ৰীগৰাকী সাজু হৈছে ৷ এই উদ্দেশ্যে অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে উইলিয়াম মৰিছ এণ্ডেভৰ(WMS) নামৰ এটা এজেন্সিৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে ৷
অতি সাহসেৰে নেপ'টিজিম বিতৰ্কৰ সন্মুখীন হৈ হাইৱে(Highway), উড়তা পাঞ্জাৱ(Udta Punjab), ৰাজী(Raazi) আৰু গালি বয়(Gully Boy) আদি ছবিৰ জৰিয়তে নিজৰ বহুমুখী প্ৰতিভা প্ৰমাণ কৰাৰ পাচত এতিয়া পেচাদাৰী জীৱনত আহিবলগীয়া সকলোধৰণৰ প্ৰত্যাহ্বানৰ বাবেই অভিনেত্ৰীগৰাকী সম্পূৰ্ণ সাজু ৷ যদিহে ইতিমধ্যে চলি থকা কথাসমূহ সঁচা প্ৰমাণিত হয়, তেন্তে এক আগশাৰীৰ আন্তৰ্জাতিক প্ৰতিভা ব্যৱস্থাপনা সংস্থা ডব্লিউএমই(WME)ৰ সৈতে আলিয়া চুক্তিবদ্ধ হৈছে ৷
লগতে পঢ়ক:৫ আগষ্টত ভাৰতত মুক্তি পাব 'Fast and Furious 9'
আন্তৰ্জাতিক পৰ্যায়ত নিজা পৰিচয় দাঙি ধৰাৰ লক্ষেৰে আলিয়াই ডব্লিউএমই(WME)ৰ সৈতে ক্ৰীড়া, অনুষ্ঠান, মিডিয়া আৰু ফেশ্বনকে ধৰি সকলো ক্ষেত্ৰত স্বাক্ষৰ কৰিছে ৷ বেন এফ্লেক, জেনিফাৰ গাৰ্ণাৰ, জেক গিলেনহল, খ্ৰীষ্টান বেল, হুপি গোল্ডবাৰ্গ, কেট বেকিনচেলৰ দৰে তাৰকাৰ লগতে প্ৰিয়ংকা চোপ্ৰা জ'নাছৰ হলিউদ যাত্ৰাও এই সংস্থাৰ সৈতে জড়িত ৷
লগতে পঢ়ক:অভিনয় জীৱনত খোজ পেলাবলৈ সাজু শশী কাপুৰৰ নাতি জাহান
উল্লেখ্য যে, গংগোবাই কাথিয়াবাড়ী( Gangubai Kathiawadi)ৰ দৃশ্যগ্ৰহণ সমাপ্ত হোৱাৰ পাচত আলিয়াই স্ব-অভিনীত প্ৰথম প্ৰযোজনা ডাৰ্লিংছ(Darlings)ৰ শ্বুটিং আৰম্ভ কৰিছে ৷ ব্ৰহ্মাস্ত্ৰ(Brahmastra) আৰু আৰআৰআৰ(RRR)ৰ লগতে অভিনেত্ৰী গৰাকীক অতি শীঘ্ৰে কৰণ জোহৰ পৰিচালিত ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী(Rocky Aur Rani Ki Prem Kahani)ত দেখিবলৈ পোৱা যাব ৷
লগতে পঢ়ক:অনুষ্কা শৰ্মা অভিনীত ঝুলন গোস্বামীৰ বায়’পিক স্থগিত