চিটাৰা ডেস্ক,5 জুলাই : নৱাগতা অভিনেত্ৰী আলায়া এফ (Alaya F)ৰ হিট ছবি ‘জৱানী জানেমন’ (Jawaani Jaaneman)য়ে মুক্তিলাভৰ এবছৰ অতিক্ৰম কৰিলে ৷ আলায়াৰ অভিনীত এই ছবিখনে ফিল্মফেয়াৰ এৱাৰ্ড (Filmfare Award) লাভ কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়া তথ্য অনুসৰি, জনপ্ৰিয় কানাড়া ছবি ‘U-Turn’ৰ হিন্দী ৰিমেকত মূল চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী আলায়া এফে ৷
‘জৱানী জানেমন’ ছবিখনেৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা আলায়াই অৱশ্যে আগন্তুক ছবিখনৰ কথা নিজেই ঘোষণা কৰা নাই ৷ 2018 চনত মুক্তিলাভ কৰা জনপ্ৰিয় কানাড়া থ্ৰীলাৰ ছবি ‘U-Turn’ৰ হিন্দী ৰিমেক ছবিখনৰ প্ৰযোজনা কৰিব একতা কাপুৰ (Ekta Kapoor)য়ে ৷ এই ছবিখনত আলায়াই এগৰাকী সাংবাদিকৰ ভূমিকা ৰূপায়ন কৰিব বুলি জানিব পৰা গৈছে ৷ ছবিখনত এগৰাকী আৰক্ষীৰ সৈতে মিলি আলায়াই এক হত্যাকাণ্ডৰ অনুসন্ধানত নামি পৰিব ৷