চিটাৰা ডেস্ক, 3 মাৰ্চ : অক্ষয় কুমাৰৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰিব মিছ ৱৰ্ল্ড মানুষী ছিল্লাৰে (Prithviraj Movie Actors) ৷ তেওঁৰ প্ৰথমখন চিনেমা পৃথ্বীৰাজে মুক্তি লাভ কৰিব এই বছৰতেই ৷ চলিত মাহৰ জুনত ছবিখন ছবিগৃহলৈ আহিব ৷
এতিয়ালৈকে কেইবাবাৰো সলনি হৈছে পৃথ্বীৰাজৰ মুক্তিৰ তাৰিখ ৷ জানুৱাৰীৰ পিছত ছবিখন 10 জুনত মুক্তি পোৱাৰ কথা আছিল ৷ এতিয়া ছবিখন 3 জুনত ছবিগৃহলৈ আহিব (Prithviraj new release date) ৷ অক্ষয় কুমাৰে নিজৰ ইন্ষ্টাগ্ৰামত অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে এই কথা (Akshay Kumar Prithviraj) ৷ ক’ভিড-19 ৰ বাবে কেইবাবাৰো সলোৱা হৈছিল মুক্তিৰ তাৰিখ ৷
'পৃথ্বীৰাজ' ছবিখন ৩ জুনত হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি পাব । অক্ষয় কুমাৰে ছবিখনৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছে ।
মন কৰিবলগীয়া যে, শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ত অক্ষয় কুমাৰৰ ছবি 'পৃথ্বীৰাজ' সন্দৰ্ভত এখন আবেদন দাখিল কৰা হৈছিল (Manushi chhillar first movie) । আবেদনখনত প্ৰকাশ কৰা হৈছিল যে, পৃথ্বীৰাজ এজন মহান সম্ৰাট আছিল আৰু ছবিখনৰ শিৰোনাম কেৱল 'পৃথ্বীৰাজ' ৰাখিলে ই ৰাইজৰ অনুভূতিত আঘাত হানিব ।
আবেদনখনে ছবিখনৰ নাম 'মহান সম্ৰাট পৃথ্বীৰাজ চৌহান' ৰখাৰ পৰামৰ্শ দিছিল । এই আবেদনখন ৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰী পৰিষদৰ দ্বাৰা দাখিল কৰা হৈছিল । শুনানিৰ সময়ত আবেদনকাৰীয়ে দাবী কৰিছিল যে মহান যোদ্ধা পৃথ্বীৰাজৰ নাম কোনো বিশেষণ অবিহনে চলচ্চিত্ৰখনৰ শীৰ্ষত ব্যৱহাৰ কৰা হৈছে ৷ যিয়ে মানুহৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিব ।
আবেদনখনে দাবী কৰিছিল যে, ছবিখন মহান সম্ৰাট পৃথ্বীৰাজ চৌহানৰ নামেৰে নামাকৰণ কৰা উচিত । কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে আবেদনখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ।
লগতে পঢ়ক:Ranbir Shraddha Film together: মুক্তিৰ তাৰিখ ঘোষণাৰ পিছতো নাম ঠিক হোৱা নাই শ্ৰদ্ধা ৰণবীৰ অভিনীত ছবিৰ