অসম

assam

By

Published : Oct 1, 2020, 6:14 PM IST

ETV Bharat / sitara

কৰ’ণা মহামাৰীৰ সময়ত শ্বুটি সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমখন ছবি ‘‘বেল ব’ট’ম’’

স্পাই-থ্ৰীলাৰ ছবি ‘‘বেল ব’ট’ম’’য়ে কৰ’ণা মহামাৰীৰ সময়ছোৱাতে শ্বুটি আৰম্ভ আৰু সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমখন ছবিত স্থান পাবলৈ সক্ষম হয় ৷ এই ৰেকৰ্ডক লৈ ছবিখনৰ মূল নায়ক অক্ষয় কুমাৰৰ লগতে প্ৰত্যেক গৰাকী কলা-কুশলীয়ে সকলোৰে প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰে ৷

Bell Bottom is the first film in the world to start and finish shooting during corona pandemic
কৰ’ণা মহামাৰীৰ সময়ত শ্বুটি আৰম্ভ আৰু সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমখন ছবি ‘‘বেল ব’ট’ম’’

চিটাৰা ডেস্ক, 1 অক্টোবৰ: অভিনেতা অক্ষয় কুমাৰৰ আহিবলগীয়া স্পাই-থ্ৰীলাৰ ছবি ‘‘বেল ব’ট’ম’’ৰ ৰেকৰ্ড ৷ কৰ’ণা মহামাৰীৰ সময়ছোৱাতে শ্বুটি আৰম্ভ আৰু সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমখন ছবিত স্থান পাইছে বেল ব’ট’মে ৷

53 বৰ্ষীয় অভিনেতা অক্ষয়ে ছবিখনৰ কলা-কুশলীসকলৰ কামক এক ‘টীমৱৰ্ক’ আখ্য়া দি ছবিখনৰ সৈতে জড়িত সকলোকে ধন্য়বাদ জ্ঞাপন কৰে ৷ তেওঁ স্প’ট লাইটমেনৰ পৰা আৰম্ভ কৰি মেক আপ্ আৰ্টিষ্ট,ছবিখনত তেওঁৰ বিপৰীতে অভিনয় কৰা অভিনেত্ৰী বাণী,লাৰা,হুমা,নিৰ্দেশক ৰঞ্জিৎ আৰু প্ৰডাকচন চীমৰ প্ৰতিজন সদস্যলৈ কৃতজ্ঞতা স্বীকাৰ কৰে ৷

লগতে তেওঁ কয় যে,‘‘এই সময়ছোৱাত কাম কৰাৰ অভিজ্ঞতা সুকীয়া ৷ মহামাৰীৰ সময়ত কৰা আমাৰ কষ্ট অন্য লোকৰ বাবে অনুপ্ৰেৰণামূলক হৈ ৰ’ব ৷ সকলোৰে সুৰক্ষাৰ প্ৰতি গুৰুত্ব দি কামত আগবঢ়াৰ সময় আহি পৰিছে’’ ৷

Tom Cruise's Mission: Impossible 7 আৰু Jurassic Park: Dominionৰ নিচিনা আন্তঃৰাষ্ট্ৰীয় ছবিৰ লেখীয়াকৈ বেল ব’ট’ম ছবিখনৰ বাজেট তুলনা কৰা হৈছে ৷

অভিনেতা জেকী ভগনানীয়ে ছবিখন সন্দৰ্ভত কয় যে,‘‘আমাক সুৰক্ষিত কৰি ৰখা আৰু আমাক বিশ্বাস কৰাৰ বাবে আমি কৃতজ্ঞ ৷ আমি সময় অনুযায়ী সকলো সুবিধা লাভ কৰিছো’’ ৷

আনহাতে ছবিখনৰ পৰিচালক দীপশিখাই কয় যে,‘‘ছবিখনৰ শ্বুটিং সম্পূৰ্ণ কৰিবলৈ পাই সকলোৰে প্ৰতি মই কৃতজ্ঞ ৷ ছবিখনৰ সকলো কলা-কুশলীৰ লগতে অক্ষয় ছাৰ দেউতাৰ ভুমিকা অন্যতম’’ ৷

ইফালে উৰাজাহাজৰ কেপ্তেইন,নিৰ্দেশক ৰঞ্জিৎ এম তিৱাৰীয়ে বেল ব’ট’মৰ সৈতে এক সুকীয়া অনুভৱ থকাৰ কথা ব্যক্ত কৰে ৷ এইটো এটা ভাল টীমৱৰ্ক বুলি তেওঁ উল্লেখ কৰে ৷

উল্লেখ্য যে,অসীম আৰোৰা আৰু পাৰৱীজ শেখৰ কাহিনীৰ আধাৰত নিৰ্মিত বেল ব’ট’ম ছবিখন 2021 বৰ্ষৰ 2 এপ্ৰিলত মুক্তি লাভ কৰিব ৷

লগতে পঢ়ক:গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ : ৰামোজী ফিল্ম চিটীত গছপুলি ৰোপন ছনু চুডৰ

ABOUT THE AUTHOR

...view details