নিউজ ডেস্ক, 17 আগষ্টঃ অক্ষয় কুমাৰৰ বহু চৰ্চিত ছবি "মিশ্বন মংগলে" মুক্তিৰ দ্বিতীয় দিনা উপাৰ্জন কৰে 17.28 কোটি টকা ৷ 15 আগষ্টত মুক্তি লাভ কৰা ছবিখনে দুদিনৰ ভিতৰতে সৰ্বমুঠ 46.44 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয়৷ বক্স অফিচত নিজৰ অৰ্ধশতকৰ পৰা মাথো কিছু খোজ দূৰত থকা "মিশ্বন মংগলে" দৰ্শকৰ পৰা লাভ কৰিছে বিপুল সঁহাৰি৷ আনহাতে জন আব্ৰাহমৰ "বটলা হাউছ" ছবি আৰু "মিশ্বন মংগল" একেদিনাই মুক্তি লাভ কৰিছিল৷ দুয়োখন ছবি একেলগে মুক্তি দিয়াৰ পিচতো কোনো সংঘৰ্ষ অবিহনে মুক্তিৰ প্ৰথম দিনাই 29.16 কোটিৰ উপাৰ্জন কৰিবলৈ সক্ষম হয় "মিশ্বন মংগলে"৷ চলচিত্ৰ সমালোচক তৰণ আদৰ্শে টুইটাৰ যোগে ছবিখনে কৰা উপাৰ্জনৰ সবিশেষ তথ্য জনায়৷
মুক্তিৰ দ্বিতীয় দিনা 47 কোটিৰ উপাৰ্জন মিশ্বন মংগলৰ - Guwahati
15 আগষ্টত মুক্তি লাভ কৰা ছবি মিশ্বন মংগলে দুদিনৰ ভিতৰতে উপাৰ্জন কৰে সৰ্বমুঠ 46.44 কোটি টকা
মুক্তিৰ দ্বিতীয় দিনতে বক্স অফিচত প্ৰায় 50 কোটিৰ উপাৰ্জন মিশ্বন মংগলৰ
উল্লেখ্য যে, ছবিখনত মুখ্য চৰিত্ৰত অক্ষয় কুমাৰৰ লগতে অভিনয় কৰিছে শ্বৰমান যোশী, সোনাক্ষী সিন্হা, বিদ্যা বালান আৰু কৃতি কুল্হাৰীয়ে৷
Last Updated : Aug 17, 2019, 3:26 PM IST