চিটাৰা ডেস্ক,4 জুনঃ কৰ'ণা ভাইৰাছ সংকটৰ সময়ত পুনৰ নিজৰ কামলৈ কেনেকৈ উভতিব,সেই বিষয়ে জাগৰণ বৃদ্ধি কৰিবলৈ অক্ষয় কুমাৰে নতুন চুটি ছবিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত কিছু বাৰ্তা প্ৰেৰণ কৰিছে ৷
চুটি ছবিৰ মাধ্যমেৰে আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছে অক্ষয় কুমাৰে - আত্মনিৰ্ভৰ ইণ্ডিয়া
কৰ'ণা ত্ৰাসৰ মাজতে নিজৰ কামলৈ পুনৰ কেনেদৰে ঘূৰি যাব ৷ সেই কথাৰে অলপ আভাস দি মুক্তি দিয়া হ'ল অক্ষয় কুমাৰৰ নতুন চুটি ছবিখন ৷ এই চুটি ছবিৰ জৰিয়তে মাস্ক পিন্ধি,হাত ধুই,উচিত দুৰত্ব বজাই ৰাখি মহামাৰীৰ পৰা বাচি থাকি নিজৰ কাম সমাপন কৰিবলৈ শিকনি দিছে চুটি ছবিখনে ৷
অক্ষয় কুমাৰ
বৃহস্পতিবাৰে মুক্তি পালে অক্ষয় কুমাৰৰ নতুন চুটি ছবি"আত্মনিৰ্ভৰ ইণ্ডিয়া"৷ অক্ষয় কুমাৰে ক্লিপটোৰ এটা অংশ ইতিমধ্যে প্ৰকাশ কৰিছে টুইটাৰ একাউন্ট যোগে ৷ "স্থৱিৰ জীৱনক আগুৱাই নিয়ক,দেশক আত্মনিৰ্ভৰ বনাওক,জয় হিন্দ"- এইদৰে কৈ সকলোকে সাৱধানে থাকি নিজৰ কাম কৰিবলৈ আহ্বান জনাইছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে ৷
লগতে পঢ়কঃ ডিব্ৰুগড়ৰ এজন অপ্ৰতিৰুদ্ধ যোদ্ধা