অসম

assam

ETV Bharat / sitara

দ্বি-নাগৰিকত্বক লৈ উচিত প্ৰত্যুত্তৰ অভিনেতা অক্ষয় কুমাৰৰ

এগৰাকী ভাৰতীয় হিচাপে নিজৰ দেশপ্ৰেম প্ৰমাণ কৰাতো প্ৰয়োজনীয় বুলি নাভাৱে অক্ষয় কুমাৰে ৷ নাগৰিকত্বক লৈ কৰা বিৰূপ প্ৰচাৰত যথেষ্ট দুখ প্ৰকাশ পৰে অভিনেতাগৰাকীয়ে

By

Published : May 4, 2019, 10:27 AM IST

দ্বি-নাগৰিকত্বক লৈ উচিত প্ৰত্যুত্তৰ অভিনেতা অক্ষয় কুমাৰৰ

নিউজ ডেস্ক, 4 মেঃ নিজৰ নাগৰিকত্বক লৈ চলি থকা বিবাদৰ উচিত প্ৰত্যুত্তৰ দিলে বলিউডৰ খিলাড়ী খ্যাত অভিনেতা অক্ষয় কুমাৰে ৷ এগৰাকী ভাৰতীয় হিচাপে নিজৰ দেশপ্ৰেম প্ৰমাণ কৰাতো প্ৰয়োজনীয় বুলি নাভাৱে অভিনেতা গৰাকীয়ে ৷ নাগৰিকত্বক লৈ কোনো কথাই লুকুৱাই থোৱা নাই বুলি মন্তব্য কৰি অভিনেতা গৰাকীয়ে কয় যে, কানাডাৰ পাচপ'ৰ্ট থকাৰ কথা তেওঁ সদায় কৈ আহিছে আৰু বিগত সাত বছৰ ধৰি কানাডালৈ যোৱা নাই বুলিও উল্লেখ কৰে অভিনেতা গৰাকীয়ে ৷ নাগৰিকত্বক লৈ কৰা বিৰূপ প্ৰচাৰত যথেষ্ট দুখ প্ৰকাশ পৰে অভিনেতাগৰাকীয়ে ৷

দ্বি-নাগৰিকত্বক লৈ উচিত প্ৰত্যুত্তৰ অভিনেতা অক্ষয় কুমাৰৰ

উল্লেখ্য যে, অভিনেতাগৰাকীক দক্ষিণ ভাৰতৰ জনপ্ৰিয় ছবি কাঞ্চনাৰ ৰিমেক ছবিত দেখিবলৈ পোৱা যাব ৷ ছবিখনত তেওঁৰ লগতে দেখিবলৈ পোৱা যাব বিগ বি অমিতাভ বচ্চন আৰু কিয়াৰা আদৱানীক ৷

ABOUT THE AUTHOR

...view details