অসম

assam

ETV Bharat / sitara

শীঘ্ৰেই মুক্তি পাব অজয় দেৱগনৰ দ্বি-ভাষিক ক্ৰাইম-থ্ৰীলাৰ ৱেব চিৰিজ 'লালবাজাৰ' - অজয় দেৱগন

বলিউডৰ অভিনেতা তথা প্ৰযোজক অজয় দেৱগনে মুক্তি লাভ কৰিবলগীয়া দ্বি-ভাষিক ক্ৰাইম-থ্ৰীলাৰ ৱেব চিৰিজ 'লালবাজাৰ' (Lalbazaar)ক লৈ সাজু হৈছে । কলকাতাস্থিত আৰক্ষীৰ মুখ্য ভৱন লালবাজাৰক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা বেৱ চিৰিজটোৰ নিৰ্দেশনা কৰিছে নিৰ্দেশক শায়ন্তন ঘোষালে ।

শীঘ্ৰেই মুক্তি পাব অজয় দেৱগনৰ  দ্বি-ভাষিক ক্ৰাইম-থ্ৰীলাৰ ৱেব চিৰিজ 'লালবাজাৰ'
শীঘ্ৰেই মুক্তি পাব অজয় দেৱগনৰ দ্বি-ভাষিক ক্ৰাইম-থ্ৰীলাৰ ৱেব চিৰিজ 'লালবাজাৰ'

By

Published : Jun 13, 2020, 1:53 PM IST

চিটাৰা ডেস্ক, ১৩ জুন: শীঘ্ৰেই মুক্তি পাবলগীয়া দ্বি-ভাষিক ক্ৰাইম-থ্ৰীলাৰ ৱেব চিৰিজ ‘লালবাজাৰ’ (Lalbazaar)ত দেখিবলৈ পোৱা যাব বলিউডৰ অভিনেতা তথা প্ৰযোজক অজয় দেৱগনক । লালবাজাৰ সন্দৰ্ভত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি অভিনেতাগৰাকীয়ে কয় যে, লালাবাজাৰৰ কাহিনী আৰক্ষীসকলৰ জীৱন সংগ্ৰামৰ আধাৰত নিৰ্মিত । আৰক্ষীসকলৰ কৰ্মক অনুসৰণ কৰা একেবাৰে সহজ কাম নহয় । নিজকে ভাগ্যৱান বুলি কৈ অজয় দেৱগনে কয় যে, আৰক্ষীৰ ইউনিফৰ্মত কাম কৰি তেওঁৰ বহুত ভাল লাগে ।

শীঘ্ৰেই মুক্তি পাব অজয় দেৱগনৰ দ্বি-ভাষিক ক্ৰাইম-থ্ৰীলাৰ ৱেব চিৰিজ 'লালবাজাৰ'

উল্লেখ্য যে, কলকাতাস্থিত আৰক্ষীৰ মুখ্য ভৱন লালবাজাৰক কেন্দ্ৰ কৰি এই বেৱ চিৰিজটো নিৰ্মাণ কৰা হৈছে । ৱেব চিৰিজটোত অজয় দেৱগনসহ কুশিক চেন, সব্যচাচী চক্ৰৱৰ্তী, হৃষিতা ভাট, দিব্যেন্দু ভট্টাচাৰ্য, সুব্ৰত দত্ত আদি বিভিন্ন কলা-কুশলীয়ে অভিনয় কৰাৰ লগতে নিৰ্দেশনা কৰিছে নিৰ্দেশক শায়ন্তন ঘোষালে ।

লগতে পঢ়ক: চাৰাই শ্বেয়াৰ কৰিলে কেডাৰনাথ শ্বুটিঙৰ পুৰণি ফটো

ABOUT THE AUTHOR

...view details