চিটাৰা ডেস্ক, ১৬ মাৰ্চ: ষ্টক মাৰ্কেটৰ কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাই কাৰাবাস খাটিবলগীয়া হোৱা হৰ্ছদ মেহতাৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবি 'দ্য বিগ বুল'ৰ টিজাৰ শ্বেয়াৰ কৰিলে অভিনেতা তথা প্ৰযোজক অজয় দেৱগনে । মঙলবাৰে টুইটযোগে টিজাৰ শ্বেয়াৰ কৰি তেওঁ কয় যে, 'দ্য বিগ বুল' সকলো কেলেংকাৰীৰ ঘটনাৰ ভিতৰত আটাইতকৈ বেছি চৰ্চিত ঘটনা ।
কিয়নো, এই কেলেংকাৰীয়ে ষ্টক মাৰ্কেটৰ অপ্ৰতিৰোধ্য বিনিয়োগকাৰী হৰ্ছদ মেহতাৰ জীৱন সলনি কৰি পেলাইছিল । এতিয়াও হৰ্ছদ মেহতাৰ ঋণৰ বোজা কঢ়িয়াবলগীয়া হৈছে তেওঁৰ ভাতৃয়ে । অহা ৮ এপ্ৰিলত ডিজনি+ হটষ্টাৰ ভিআইপিত মুক্তি লাভ কৰিব । বিগতে বৰ্ষতে ছবিখনৰ বিষয়ে ঘোষণা কৰা হৈছিল ।