নেশ্যনেল ডেস্ক,১২ অক্টোবৰ :আন্তঃৰাষ্ট্ৰীয় মাধ্যমৰ চেনেলত এইবাৰ বলীউডৰ অভিনেতা অজয় দেৱগনৰ দুঃসাহসিক ষ্টাণ্ট । বিয়েৰ গ্ৰিলছৰ (Bear Grylls) সৈতে এই দুঃসাহসিক ষ্টাণ্ট কৰিছে অভিনেতাগৰাকীয়ে । বিয়েৰ গ্ৰিলছৰ সৈতে 'Into The Wild With Bear Grylls'ত দেখা যাব অজয় দেৱগনক । ইতিমধ্যে মালদ্বীপত শ্বুটিং সম্পূৰ্ণ হৈছে অনুষ্ঠানটোৰ ।
অনুষ্ঠানটো প্ৰচাৰিত হোৱাৰ পূৰ্বে নিজৰ অভিজ্ঞতা ব্যক্ত কৰিছে অভিনেতা অজয় দেৱগনে । অভিনেতাগৰাকীৰ মতে অৰণ্যৰ মাজত এয়া তেওঁৰ প্ৰথম অভিযান আছিল । তেওঁ লগতে কয় যে এয়া কোনো সাধাৰণ শিশুৰ খেল নহয় । অভিনেতাগৰাকীয়ে উল্লেখ কৰা মতে তেওঁৰ পিতৃ বলীউডৰ এগৰাকী একচন ডিৰেক্টৰ (Action Director) আছিল ।
যোৱা ৩০ বছৰত অজয় দেৱগনে ভাৰতীয় ছবিত বহুতো ভয়ানক ষ্টাণ্ট কৰাৰ সুযোগ পাইছে । এই সময়চোৱাত শিকা বহুত কথাই তেওঁক এই অভিযানত সহায় কৰিছে বুলি অজয় দেৱগনে স্বীকাৰ কৰে । অনুৰাগীসকলক সামাজিক মাধ্যমত নিজৰ অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰি কয় যে এই ধৰণৰ সুযোগ পোৱা বাবে তেওঁ যথেষ্ট সুখী ।