চিটাৰা ডেস্ক, 21 জানুৱাৰীঃতানহাজী ছবিৰ জয়যাত্ৰাৰ মাজতে অভিনেতা অজয় দেৱগনে আৰম্ভ কৰিছে নিজৰ নতুন কাম ৷ এচ.এচ ৰাজমৌলীৰ নতুন পিৰিয়ডিক ড্ৰামা আৰ.আৰ.আৰৰ শ্বুটিঙৰ কামত ব্যস্ত হৈ পৰিছে জনপ্ৰিয় অভিনেতাগৰাকী ৷ পিৰিয়ডিক ড্ৰামাখনত অভিনেতাগৰাকীয়ে অভিনয় কৰিব এটা মুখ্য চৰিত্ৰত ৷ আৰ.আৰ.আৰ ছবিৰ অফিচিয়েল টুইটাৰ যোগে ছবিখনৰ শ্বুটিঙৰ কিছু দৃশ্যাংশ প্ৰকাশ কৰে ৷ আগন্তুক এই প্ৰজেক্টটোৰ জৰিয়তে, 1920 দশকৰ ভাৰতীয় ক্ৰান্তিকাৰীৰ এখন কল্পনাত্মক ছবি দাঙি ধৰাৰ প্ৰয়াস কৰা হ'ব ৷ 10 টা ভিন্ন ভাষাত নিৰ্মাণ কৰা হ'ব এই বিশেষ পিৰিয়ডিক ছবিখন ৷
বাহুবলীৰ নিৰ্দেশকৰ নতুন কামৰ সৈতে ব্যস্ত অজয় দেৱগন - বাহুবলীৰ নিৰ্দেশকৰ নতুন কামৰ সৈতে ব্যস্ত অজয় দেৱগন
এচ.এচ ৰাজমৌলীৰ সৈতে একেলগে কাম কৰিব জনপ্ৰিয় অভিনেতা অজয় দেৱগনে ৷ ইতিমধ্যে আৰম্ভ হৈছে ৰাজমৌলীৰ নতুন পিৰিয়ডিক ড্ৰামা আৰ.আৰ.আৰৰ কাম ৷
বাহুবলীৰ নিৰ্দেশকৰ নতুন কামৰ সৈতে ব্যস্ত অজয় দেৱগন
সূত্ৰৰ দ্বাৰা জানিব পৰা মতে, ইতিমধ্যে ছবিখনৰ 70 শতাংশ শ্বুটিঙৰ কাম সম্পন্ন হৈছে ৷ ইয়াৰ মাজতে উল্লেখ্য যে, অজয় দেৱগনৰ সদ্যমুক্তিপ্ৰাপ্ত ছবি তানহাজীয়ে বৰ্তমানলৈকে 175 কোটি অৰ্জন কৰি ভাৰতীয় চলচ্চিত্ৰ ক্ষেত্ৰখনত যথেষ্ট ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে ৷
লগতে পঢ়কঃসুশান্ত সিং ৰাজপুতৰ জন্মদিনঃ বেক গাউণ্ড ডাঞ্চাৰৰ পৰা বলীউডৰ অভিনেতা হোৱাৰ যাত্ৰা