চিটাৰা ডেস্ক, ১২ এপ্ৰিল: বলীউড তাৰকা অজয় দেৱগন আৰু কাজল দেৱগনৰ কন্যা নাইছা দেৱগনে বলীউডৰ এটা ছুপাৰ হিট গানত নৃত্য প্ৰদৰ্শন কৰি থকা মূহুৰ্তৰ এটা ভিডিঅ' সৰ্বত্ৰে হৈ পৰিছে ভাইৰেল । নাইছাই নিজেই তাইৰ ইনষ্টাগ্ৰাম একাউন্টত নৃত্যৰ ভিডিঅ'টো কৰিছিল প'ষ্ট ।
অজয়-কাজল কন্যা নায়েশা দেৱগনৰ ভিডিঅ' ভাইৰেল - ছিংগাপুৰৰ ইউনাইটেড ৱৰ্ল্ড কলেজ অৱ চাউথ ইষ্ট এছিয়া
অজয় দেৱগন আৰু কাজল দেৱগনৰ কন্যা নায়েশা দেৱগনে বলীউডৰ এটা ছুপাৰ ডুপাৰ হিট গানত নৃত্য প্ৰদৰ্শনৰ পাছতে এই ভিডিঅ' হৈছে ভাইৰেল । সহপাঠীসকলৰ সৈতে এক অনুষ্ঠানত আমোদজনক প্ৰদৰ্শনৰ বাবে এক নৃত্য কৰি থকা মূহুৰ্তৰ ভিডিঅ' ভাইৰেল ।

নাইছা দেৱগণৰ ভিডিঅ' ভাইৰেল
উক্ত ভাইৰেল ভিডিঅ'টোত নাইছাই তাইৰ সহপাঠীসকলৰ সৈতে এক অনুষ্ঠানত এটা আমোদজনক প্ৰদৰ্শনৰ বাবে নৃত্য কৰি থকা দেখা গৈছে । সহপাঠীসকলৰ সৈতে নাইছাই 'বোলে চুৰিয়া', 'চাজদা', 'তেৰে নেনা' আৰু 'নাগাৰা' গানত বগা ৰঙৰ টপ আৰু এটা জেজি স্কাৰ্ট পৰিধান কৰি নৃত্য কৰি থকা দেখা গৈছে । ছিংগাপুৰৰ ইউনাইটেড ৱৰ্ল্ড কলেজ অৱ চাউথ ইষ্ট এছিয়াত অধ্যয়ন কৰি আছে নাইছাই । সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা নাইছাৰ হঠাৎ নৃত্য কৰা ভিডিঅ'টো ভাইৰেল হৈ পৰে ।
লগতে পঢ়ক: অনন্য ৰূপত কংগনা ৰাণাৱট