মুম্বাই,28 ফেব্ৰুৱাৰীঃ শীঘ্ৰেই নিৰ্মাণ হ'ব তামিল একচন থ্ৰীলাৰ ছবি কেথীৰ হিন্দী ৰি-মেক ৷ এই হিন্দী-ৰিমেক ছবিখনত অজয় দেৱগনে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে ড্ৰীম যোদ্ধা পিকচাৰ্ছ আৰু ৰিলায়েঞ্চ এন্টাৰটেইনমেন্টৰ সৈতে ছবিখনৰ সহ পৰিচালনাও কৰিব ৷
অভিনেতাগৰাকীয়ে নিৰ্মাতাসকলৰ সৈতে ছবিখনত সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ তেওঁ চ'ছিয়েল মিডিয়াযোগে লিখে , "হয়, মই তামিল ছবি কেথীৰ হিন্দী ৰি-মেক কৰি আছোঁ ৷"
ছবিখনৰ নিৰ্দেশনা আগবঢ়াইছিল , লোকেশ কনাগাৰাজে ৷ উল্লেখ্য যে, কেথী নামৰ তামিল ছবিখনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে বক্স অফিচত যথেষ্ট ভাল উপাৰ্জন কৰিছিল ৷ ইয়াৰোপৰি তামিল ছবিখনে সমালোচকৰ পৰাও যথেষ্ট ভাল ৰিভিউ পাবলৈ সক্ষম হৈছিল ৷
কেথীৰ নিৰ্মাতাই পূৰ্বতে কৈছিল,"কেথী এনেকুৱা এখন ছবি , য'ত কোনো নায়িকা নাই, গান নাই , আছে মাত্ৰ 100 শতাংশ একচন ৷ "
লগতে পঢ়কঃমোৰ খেদ আছে যদিও ইমান গুৰুতৰ নহয়ঃ চেইফ আলি খান