চিটাৰা ডেস্ক, 27 জুলাইঃ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ বোৱাৰী তথা জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু তেওঁৰ জীয়ৰী আৰাধ্যা বচ্চনে কৰ'ণা ভাইৰাছক প্ৰত্যাহ্বান দি জয়ী হ'ল কৰ'ণাৰ যুদ্ধখনত ৷
সম্পূৰ্ণ 10 টা দিন হাস্পতালত কটোৱাৰ পিছত মাতৃ আৰু কন্যা দুয়োৱে বৰ্তমান অব্যাহতি লাভ কৰিছে হাস্পতালৰ পৰা ৷ এই কথা নিজৰ টুইটাৰ একাউন্ট যোগে প্ৰকাশ কৰিছে অভিনেতা অভিষেক বচ্চনে ৷