চিটাৰা ডেস্ক,12 জুলাইঃবলীউডৰ মহানায়ক অমিতাভ বচ্চনো সাৰি নগ'ল মহামাৰী কৰ'ণাৰ প্ৰভাৱৰ পৰা ৷ শনিবাৰে অহা এক খবৰ অনুসৰি মেগাষ্টাৰ গৰাকী আক্ৰান্ত COVID-19 ৰোগত ৷ তাৰকা গৰাকী কৰ'ণাত আক্ৰান্ত হোৱাৰ খবৰ পিছতেই COVID পৰীক্ষণ কৰা হ'ল সমগ্ৰ পৰিয়ালটোৰ ৷ পৰীক্ষণত পুত্ৰ অভিষেক বচ্চনৰো ফলাফল পজিটিভ আহিল ৷
কিন্তু তাৰ মাজতে দেওবাৰে ৰি'পৰ্ট আহিল ঐশ্বৰ্য, আৰাধ্যা আৰু জয়া বচ্চনৰ ৷ পৰীক্ষণত তিনিওগৰাকীৰে ফলাফল নিগেটিভ আহিল ৷
জানিব পৰা মতে, মেগাষ্টাৰগৰাকীয়ে শনিবাৰে উশাহ লোৱাত কষ্ট অনুভৱ কৰিছিল,সেয়ে তেওঁক লৈ যোৱা হৈছিল হাস্পতাললৈ ৷ আৰু তাৰ পিছতে হাস্পতালত তেওঁৰ COVID পৰীক্ষণ কৰা হয় আৰু এই পৰীক্ষণৰ ফলাফল পজিটিভ আহে ৷