চিটাৰা ডেস্ক,3 অক্টোবৰ: সুশান্ত সিং ৰাজপুতৰ মৃত্যু এক হত্যাকাণ্ড নহয় ৷ ই এক আত্মহত্যা বুলি শনিবাৰে মন্তব্য প্ৰদান কৰে এইমছৰ ফৰেন্সিক দলে ৷
চিবিআইৰ অনুৰোধ মৰ্মে আগষ্ট মাহত ডাঃ সুধীৰ গুপ্তাৰ নেতৃত্বত গঠন হোৱা ফৰেন্সিক দলটোৱে সুশান্তৰ মৃত্যুৰ তদন্তৰ অন্তিম প্ৰতিবেদন দাখিল কৰি অভিনেতা গৰাকীৰ মৃত্যু এক আত্মহত্যা বুলি জানিবলৈ দিয়ে ৷
ডাঃ সুধীৰ গুপ্তাই জনোৱা মতে,‘‘ফাঁচীৰ বাহিৰে সুশান্তৰ শৰীৰত অন্য কোনো আঘাতৰ চিন নাই ৷ ইয়াৰোপৰি,শৰীৰ আৰু কাপোৰত সংঘৰ্ষৰ কোনো চিন পোৱা নাই’’ ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে ফৰেন্সিক দলটোৱে চিবিআইৰ সৈতে তদন্তৰ ফলাফল সন্দৰ্ভত এক আলোচনাত মিলিত হয় ৷ অৱশ্যে মেডিকেল ব’ৰ্ডে এতিয়াও তদন্তৰ ফলাফলৰ সম্পূৰ্ণ তথ্য অৱগত কৰা নাই ৷ কিয়নো বিচাৰ প্ৰক্ৰিয়া বৰ্তমানো সম্পূৰ্ণ হোৱা নাই ৷
লগতে পঢ়ক:ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান 'সঁফুৰা'ৰ অতিথি আঙুৰলতা ডেকাৰ সৈতে সাক্ষাৎকাৰ....