অসম

assam

ETV Bharat / sitara

ৰজনীকান্তৰ পিছত মেন ভাৰ্চেজ ৱাইল্ডত অক্ষয় কুমাৰ - ৰজনীকান্তৰ পিছত মেন ভাৰ্চেজ ৱাইল্ডত অক্ষয় কুমাৰ

প্ৰধানমন্ত্ৰী মোডী আৰু ৰজনীকান্তৰ পিছত এইবাৰৰ বিয়েৰ গ্ৰীলছৰ সৈতে ডিস্ক'ভাৰী চেনেলৰ জনপ্ৰিয় শ্ব' মেন ভাৰ্চেজ ৱাইল্ডত দেখিবলৈ পাব বলীউড তাৰকা অক্ষয় কুমাৰক ৷

After Rajini, Akshay shoots for Man vs Wild
মেন ভাৰ্চেজ ৱাইল্ডত অক্ষয় কুমাৰ

By

Published : Jan 31, 2020, 4:02 PM IST

চিটাৰা ডেস্ক,31 জানুৱাৰীঃ বলীউড অভিনেতা অক্ষয় কুমাৰে বৃহস্পতিবাৰে কৰ্ণাটকৰ বান্দীপুৰৰ টাইগাৰ ৰিজাৰ্ভত বিয়েৰ গ্ৰীলছৰ সৈতে ডিস্ক'ভাৰী চেনেলৰ মেন ভাৰ্চেজ ৱাইল্ডৰ শ্বুটিঙ সম্পন্ন কৰে ৷ শেহতীয়াকৈ আই.এ.এন.এছৰ আগত এই কথা সদৰী কৰে ৰিজাৰ্ভখনৰ মূখ্য বন্যপ্ৰাণী তত্ত্বাৱধায়কগৰাকীয়ে ৷ লগতে জনাই যে, ডিস্ক'ভাৰী চেনেলে ৰিজাৰ্ভখনত শ্বুটিঙৰ বাবে 28 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈকে অনুমতি লৈ থৈছিল ৷

থলাইবা ৰজনীকান্তৰ সৈতে মেন ভাৰ্চেজ ৱাইল্ডৰ শ্বুটিং মঙলবাৰে হোৱাৰ বিপৰীতে অভিনেতা অক্ষয় কুমাৰৰ সৈতে বৃহস্পতিবাৰে এই শ্ব'টোৰ শ্বুটিং সম্পন্ন হয় ৷ লক্ষণীয়ভাৱে, বান্দীপুৰ টাইগাৰ ৰিজাৰ্ভখন 874 বৰ্গ কি.মি জুৰি আছে ৷ ৰিজাৰ্ভখনত মুঠ 28 টা স্তন্যপ্ৰায়ী প্ৰাণীৰ প্ৰজাতি আছে ৷ ৰয়েল বেংগল টাইগাৰ, এছিয়ান হাতী, চিতাবাঘৰ দৰে বিভিন্ন প্ৰজাতি আছে এই ৰিজাৰ্ভখনত ৷

ৰিৰ্জাভখনৰ অধিকাৰীৰ মতে, ডিস্ক'ভাৰীয়ে কেৱল শ্বুটিঙৰ বাবেই ভাৰতীয় অৰণ্য সমূহ ব্যৱহাৰ কৰাই নহয়, ভাৰতে কেনেদৰে এই সমূহ সংৰক্ষণ কৰাত গুৰুত্ব দিছে সেই কথাকো স্বীকৃতি দিব লাগিব ৷

লগতে পঢ়কঃহায়দৰাবাদত অসম পৰ্যটন বিভাগৰ ৰ'ড শ্ব'

ABOUT THE AUTHOR

...view details