চিটাৰা ডেস্ক,27 এপ্ৰিল: তামিল ছবিত জনপ্ৰিয়তা লাভ কৰা অভিনেত্ৰী ৰশ্মিকা মন্দনাই এইবাৰ বলীউডত সকলোকে মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে ৷ অতি কম সময়ৰ ভিতৰতে তিনিখন হিন্দী ছবিত নিজৰ অভিনয়ৰ প্ৰতিভা দাঙি ধৰিছে ৰশ্মিকাই ৷
সোমবাৰে এক ইনষ্টাগ্ৰাম লাইভযোগে মন্দনাই কয় যে, তেওঁ বলীউডৰ তৃতীয়খন ছবিত কাম কৰিবলৈ সাজু হৈছে ৷ উল্লেখ্য যে, প্ৰথম ছবিখনৰ টিজাৰ মুকলিৰ পূৰ্বেই মন্দনাই দ্বিতীয়খন ছবিত স্বাক্ষৰ কৰিছিল ৷