অসম

assam

ETV Bharat / sitara

ৰাজস্থানত কৰমুক্ত হ'ল দীপিকাৰ ছবি চপ্পক - অভিনেত্ৰী দীপিকা পাডুকনৰ বহুল চৰ্চিত ছবি চপ্পক

ছট্টিশগড়, মধ্যপ্ৰদেশৰ পিছত ৰাজস্থানত কৰমুক্ত হ'ল দীপিকা পাডুকনৰ বহুল চৰ্চিত ছবি চপ্পক ৷ এই ছবিখন এচিড আক্ৰমণৰ বলি হোৱা যুৱতী লক্ষ্মী আগৰৱালাৰ জীৱনৰ ওপৰত আধাৰিত ৷

AFTER MADHYA PRADESH CHHAPAAK TAX FREE IN RAJASTHAN
ৰাজস্থানত কৰমুক্ত হ'ল দীপিকাৰ ছবি চপ্পক

By

Published : Jan 11, 2020, 1:44 PM IST

চিটাৰা ডেস্ক, 11জানুৱাৰীঃশুকুৰবাৰে মুক্তি পালে অভিনেত্ৰী দীপিকা পাডুকনৰ বহুল চৰ্চিত ছবি চপ্পক ৷ ইতিমধ্য দৰ্শকে ছবিখনক লৈ যথেষ্ট ভাল প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ইয়াৰ মাজতে ৰাজস্থান চৰকাৰে ছবিখন কৰমুক্ত কৰাৰ কথা ঘোষণা কৰে ৷ ৰাজস্থানৰ পূৰ্বে ছবিখন কৰমুক্ত বুলি ঘোষণা কৰিছিল মধ্যপ্ৰদেশ, ছট্টিশগড় আৰু পণ্ডিচেৰীত ৷

দীপিকা পাডুকনে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটীৰ ছাত্ৰসমাজক সমৰ্থন কৰিবৰ বাবে আগবাঢ়ি অহাৰ বাবেই একাংশ লোকে দীপিকাৰ চপ্পকছবিখনৰ বিৰোধিতা কৰে ৷ ইফালে ইয়াৰ বিপৰীত দিশত কংগ্ৰেছে ছবিখনৰ প্ৰতি যথেষ্ট সমৰ্থন আগবঢ়ায় ৷

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অনিতা ভাদেলে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক চিঠিৰ জৰিয়তে ছবিখন কৰমুক্ত কৰাৰ দাবী উত্থাপন কৰে ৷ তেওঁ চিঠিৰ জৰিয়তে জনাইছিল যে, চপ্পক ছবিখন মহিলাৰ সামাজিক পৰিস্থিতিৰ লগত জড়িত ছবি ৷ ছবিখনৰ জৰিয়তে এচিড আক্ৰমণৰ বলি হোৱা যুৱতী তথা মহিলাসকলৰ পীড়া আৰু সংঘৰ্ষৰ কথা প্ৰতিফলিত কৰা হৈছে ৷

লগতে পঢ়কঃদিলীপ হীৰাক আৰু কি কি ক'লে শংকৰ মহাদেৱনে !!

ABOUT THE AUTHOR

...view details