অসম

assam

ক'ভিড-19 ত আক্ৰান্ত অভিনেতা বিকি কৌশল

ভূমি পেডনেকাৰ আৰু অক্ষয় কুমাৰ ক'ভিডত আক্ৰান্ত হোৱাৰ পাছতে ক'ভিড-19 ত আক্ৰান্ত হৈছে অভিনেতা বিকি কৌশল ৷ ধৰ্ম প্ৰডাকশ্যনৰ বেনাৰত শশাংক খাইটান প্ৰযোজিত মিষ্টাৰ লেলেৰ বাবে মুম্বাইত শ্বুটিঙত ব্যস্ত আছিল ভূমি পেডনেকাৰ আৰু বিকি কৌশল ৷

By

Published : Apr 5, 2021, 2:24 PM IST

Published : Apr 5, 2021, 2:24 PM IST

After Bhumi Pednekar, now Vicky Kaushal tests positive for COVID-19
ক'ভিড-19 ত আক্ৰান্ত অভিনেতা বিকি কৌশল

চিটাৰা ডেস্ক, 5 এপ্ৰিল:ভূমি পেডনেকাৰ আৰু অক্ষয় কুমাৰৰ পাছতে ক'ভিড-19 ত আক্ৰান্ত অভিনেতা বিকি কৌশল ৷ সোমবাৰে বলিউদৰ অভিনেতা গৰাকীয়ে ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰাৰ লগতে তেওঁ বৰ্তমান হোম কোৱাৰেন্টাইনত আছে বুলি জানিবলৈ দিয়ে ৷

সকলো সাৱধানতা অৱলম্বন কৰা স্বত্বেও ক'ভিড-19 আক্ৰান্ত হোৱাৰ কথা জানিবলৈ দি 32 বৰ্ষীয় অভিনেতা গৰাকীয়ে ইনষ্টাগ্ৰাম পেজযোগে এইবুলি কয়, "Inspite of all care and precautions, unfortunately, I have tested positive for COVID-19. Following all essential protocols, I am under home quarantine, taking medication as prescribed by my doctor,"

সোমবাৰে ভূমি পেডনেকাৰে তেওঁ ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰিছিল ৷ ধৰ্ম প্ৰডাকশ্যনৰ বেনাৰত শশাংক খাইটান প্ৰযোজিত মিষ্টাৰ লেলেৰ বাবে দুয়োগৰাকীয়ে মুম্বাইত শ্বুটিঙত ব্যস্ত আছিল বুলি জানিব পৰা গৈছে ৷ তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে অভিনেতা গৰাকীয়ে পৰীক্ষা কৰোৱাৰ বাবেও আহ্বান জনাইছে ৷

লগতে পঢ়ক:কৰ'ণাত আক্ৰান্ত বলীউড ছুপাৰষ্টাৰ গোবিন্দা

ABOUT THE AUTHOR

...view details