অসম

assam

By

Published : Dec 26, 2020, 5:56 PM IST

ETV Bharat / sitara

কিয় 'ছুহেলদেৱ' ছবিত অভিনয় নকৰে অজয়-অক্ষয়ে ?

অশ্বিন কুমাৰৰ আগন্তুক ছবি 'ছুহেলদেৱ'ত অভিনয় নকৰাৰ সিদ্ধান্ত লৈছে বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰে । ইয়াৰ পূৰ্বে অজয় দেৱগনলৈও আগবঢ়োৱা হৈছিল ছবিখনত অভিনয় কৰাৰ প্ৰস্তাৱ । অজ্ঞাত কাৰণত এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে অজয়ে ।

কিয় 'ছুহেলদেৱ' ছবিত অভিনয় নকৰে অজয়-অক্ষয়ে ?
কিয় 'ছুহেলদেৱ' ছবিত অভিনয় নকৰে অজয়-অক্ষয়ে ?

চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: ঐতিহাসিক কাহিনীৰ আধাৰত নিৰ্মিত 'পৃথ্বিৰাজ'ৰ দৰে ছবিত অভিনয় কৰা বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰলৈ 'ছুহেলদেৱ' ছবিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল । কিন্তু অভিনেতাগৰাকীয়ে ছবিখনত অভিনয় নকৰাৰ সিদ্ধান্ত লয় আৰু প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে । ছুহেলদেৱৰ জীৱন কাহিনীৰ ওপৰত ভিত্তি কৰি অমিশ তিৱাৰীয়ে লিখা উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে ।

এখন ৱেবলইডে প্ৰকাশ কৰা তথ্য অনুসৰি, দৃশ্যগ্ৰহণৰ তাৰিখ নিমিলাৰ বাবে আৰু ৰচনাত্মক দিশত কিছু মতভেদ থকাৰ বাবে অক্ষয়ে ছবিখনত অভিনয় নকৰাৰ সিদ্ধান্ত লৈছে । অক্ষয়ক ছবিখনৰ বাবে মান্তি কৰাবলৈ চলিত মাহৰ আৰম্ভণিতে 'ছুহেলদেৱ' ছবিৰ নিৰ্মাতা অশ্বিন কুমাৰে দিল্লীলৈ যাত্ৰা কৰিছিল । অশ্বিনৰ পৰা ছবিখনৰ বিস্তৃত ব্যাখ্যা শুনাৰ পিছত অক্ষয়ে অনুভৱ কৰে যে, যদিও ছবিখনে এক সুকীয়া জনপ্ৰিয়তা অৰ্জন কৰিব, তথাপিও ছবিখনৰ স্ক্ৰীপ্ট অধিক উন্নত কৰাৰ প্ৰয়োজন আছে ।

ৰচনাত্মক দিশত থকা মতভেদৰ উপৰিও আগন্তক দুটা বছৰৰ বাবে ইতিমধ্যে বহু ছবিৰ কাম হাতত লৈ থোৱা অক্ষয়ে ছবিখনৰ বাবে নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰাত সমস্যাত পৰিছে । আমিশৰ গ্ৰন্থখনে ছুহেলদেৱক সাহসী যুদ্ধা-নায়কৰ ৰূপ দাঙি ধৰা হৈছে, যি ভাৰতৰ বিভিন্ন জাতি, ধৰ্ম, আঞ্চলিকৰ লোকক নেতৃত্ব দি বিদেশী আক্ৰমণকাৰীৰ সন্মুখত বাধাৰ প্ৰাচীৰ ৰূপে থিয় দিছিল ।

লগতে পঢ়ক:বৰদিন কেনেকৈ উদযাপন কৰিলে কংগনাই ?

ABOUT THE AUTHOR

...view details