অসম

assam

ETV Bharat / sitara

Aditya Sweta are on their way to become parents: ককা হ’বলৈ ওলাইছে উদিত নাৰায়ণ

পিতৃ হ’বলৈ ওলাইছে আদিত্য নাৰায়ণ ৷ 2020 চনৰ 1 ডিচেম্বৰত অভিনেত্ৰী শ্বেতা আগৰৱালৰে সৈতে বৈবাহিক জীৱনৰ পাতনি মেলা আদিত্যই সোমবাৰে ইন্ষ্টাগ্ৰাম যোগে জনালে আহিবলগীয়া সন্তানটিৰ কথা (Aditya Sweta are on their way to become parents) ৷

By

Published : Jan 24, 2022, 5:02 PM IST

Aditya Sweta are on their way to become parents
পত্নী শ্বেতাৰ বেবী বাম্প শ্বেয়াৰ কৰি নিজৰ ইন্ষ্টাগ্ৰাম যোগে এই গুড নিউজ দিলে আদিত্যই

চিটাৰা ডেস্ক, 24 জানুৱাৰী : প্ৰিয়ংকা-নিকে Surrogacy প্ৰক্ৰিয়াৰে সন্তান লাভ কৰা খবৰৰ ঢৌ মাৰ নৌযাওঁতেই আকৌ পিতৃ-মাতৃ হোৱাৰ সুখবৰ দিলে এটি মৰম লগা যুটি আদিত্য আৰু শ্বেতাই ৷ সোমবাৰে পত্নী শ্বেতাৰ বেবী বাম্প শ্বেয়াৰ কৰি নিজৰ ইন্ষ্টাগ্ৰাম যোগে এই ভাল খবৰটো দিলে সংগীত শিল্পীজনে (Aditya Sweta are on their way to become parents) ৷ লগে লগে শুভেচ্ছা বাণীৰে উপচি পৰে আদিত্যৰ সামাজিক মাধ্যম ৷

অনুৰাগীৰ লগতে বলীউডৰ আন আন চেলিব্ৰিটী সকলেও শুভেচ্ছা যাচে দুয়োকে ৷ 2020 ত এক অনুষ্টুপীয়া অনুষ্ঠানত বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো ৷ দিল বেচাৰা, ৰাম লীলা ৰ দৰে হিট ছবিত কণ্ঠদান কৰিছে আদিত্য নাৰায়ণে ৷ আনহাতে শ্বেতা আগৰৱালে বিক্ৰম ভাটৰ ভৌতিক ছবি শাপিতৰ লগতে এখন কানাড়া ছবি কিচ্ছাত অভিনয় কৰিছিল ৷

লগতে পঢ়ক:পিতৃ-মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা-নিক জ’নাছ

ABOUT THE AUTHOR

...view details