অসম

assam

Urmila Mahanta ক বিয়া কৰাবলৈ দৰা সাজি আহিল দাক্ষিণাত্যৰ অভিনেতা আৰ বদ্ৰী

By

Published : Nov 28, 2021, 5:31 PM IST

সুদীৰ্ঘ এটা দশকৰো অধিক সময় ধৰি প্ৰেম আৰু বন্ধুত্বৰ এনাজৰীৰে আৱদ্ধ হৈ থকাৰ পাচত শেহতীয়াকৈ যুগ্ম জীৱনৰ পাতনি মেলিলে বলীউডত উজলি উঠা দুগৰাকী তাৰকা । এগৰাকী হৈছে সুদক্ষ আৰু প্ৰাণৱন্ত অভিনয়ৰে টলীউড আৰু বলীউডত খোজ পেলোৱা উৰ্মিলা মহন্ত(Actress Urmila Mahanta) আৰু আনগৰাকী হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাও(Actor Rajkumar Rao) ৷

urmila mahanta and rajkumar rao
উৰ্মিলা মহন্ত আৰু ৰাজকুমাৰ ৰাও

গুৱাহাটী, 28 নৱেম্বৰ : নিজৰ অভিনয় দক্ষতা আৰু স্বীকৃতিৰে বলীউডত উজলি উঠা দুগৰাকী তাৰকা । দুয়োগৰাকী তাৰকাই এই শৰততে আৰম্ভ কৰিলে জীৱনৰ নতুন অধ্যায় । দুয়োৰে মাজত মিল থকা কথাতো হ’ল যে, দুয়োগৰাকীয়েই সুদীৰ্ঘ এটা দশকৰো অধিক সময় ধৰি প্ৰেম আৰু বন্ধুত্বৰ এনাজৰীৰে আৱদ্ধ হৈ থকাৰ পাচত হোমৰ গুৰিত বহি প্ৰিয়জনক জীৱনৰ সংগী হিচাপে বৰণ কৰিলে ।

ৰাজকুমাৰ ৰাও-পত্ৰলেখাৰ বিয়া

ইয়াৰে মাজৰ এগৰাকী হৈছে বলীউডত শেহতীয়াকৈ নিজৰ এক পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা অসমৰ উৰ্মিলা মহন্ত(Actress Urmila Mahanta in Bollywood) । নিজৰ সাৱলীল, সুদক্ষ আৰু প্ৰাণৱন্ত অভিনয়ৰে দাক্ষিণাত্যৰ ছবিজগতত খোজ পেলোৱা উৰ্মিলা মহন্ত এতিয়া কেৱল টলীউডেই নহয়, বলীউডতো এক জনপ্ৰিয় নাম ।

গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ কন্যা উৰ্মিলাই দাক্ষিণাত্যৰ বহুকেইখন ছবিত অভিনয় কৰাৰ পাচত খোজ পেলাইছিল বলীউডত । ‘পেডমেন’ খ্যাত উৰ্মিলাই ইতিমধ্যে তামিল, মালায়ালম, বঙালী, হিন্দীৰ বহুকেইখন ছবি, ৱেব চিৰিজ আৰু ধাৰাবাহিকত অভিনয় কৰিছে (Movies of Urmila Mahanta) । শেহতীয়াকৈ মনোজ বাজপেয়ীৰ সৈতে তেওঁ অভিনয় কৰা বলীউডৰ ছবি ‘ডায়েল 100’য়ে লাভ কৰিছে দেশজুৰি চৰ্চা (Urmila Mahanta in Dial 100) ৷ ইয়াৰ পূৰ্বে দেশজুৰি চৰ্চিত হোৱা তেওঁৰ আন এখন ছবি হৈছে ‘পেডমেন’ ।

পুনেৰ ফিল্ম এণ্ড টেলিভিশ্যন ইঞ্চটিটিউটৰ স্নাতক এইগৰাকী অসম গৌৰৱ অভিনেত্ৰী বিগত প্ৰায় এটা দশকজুৰি প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাই আছিল তামিল ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা আৰ বদ্ৰী(R Badree)ৰ সৈতে । বদ্ৰীয়ে অভিনয় কৰা বলীউডৰ ‘83’ নামৰ ছবিখন বিশেষভাৱে চৰ্চিত হয় ।

উৰ্মিলা মহন্ত-আৰ বদ্ৰীৰ বিয়া

বদ্ৰী আছিল পুনেৰ FTII ত পঢ়ি থকা দিনৰে উৰ্মিলাৰ সহপাঠী । ঘৰুৱাভাৱে দুয়োৰে বিয়াখন বিগত মে’ মাহতে ঠিক হৈছিল যদিও কৰ’ণাসৃষ্ট পৰিস্থিতিৰ বাবে সম্পন্ন হোৱা নাছিল । শেহতীয়াকৈ সম্পূৰ্ণ তামিল মাংগলিক ৰীতি-নীতি অনুসৰি চেন্নাইত হোমৰ গুৰিত বহে বদ্ৰী আৰু উৰ্মিলা(Urmila Mahanta got married to R Badree) । বদ্ৰী এতিয়া অসমৰ জোঁৱাই ।

আনহাতে, শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্ক স্থাপন হ’ল বলীউড অভিনেতা ৰাজকুমাৰ ৰাওৰ (Raj Kumar Rao relation with North East) ৷ ৰাজকুমাৰ ৰাওৱে সুদীৰ্ঘ সময়ৰ প্ৰেমৰ অন্তত জীৱনসংগী কৰি লোৱা গৰাকী হ’ল শ্বিলঙৰ বাসিন্দা । নাম পত্ৰলেখা(Patralekhaa got married to Rajkumar Rao) ৷ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শ্বিলঙৰ স্থায়ী বাসিন্দা পত্ৰলেখাৰ প্ৰকৃত নাম হৈছে অন্বিতা পাল । তেওঁৰ জন্ম শ্বিলঙত ।

দ্বাদশ শ্ৰেণীলৈকে তেজপুৰৰ আছাম ভেলী স্কুলত পঢ়া অন্বিতাই পৰৱৰ্তী সময়ত বেংগালুৰুৰ বিছপ কটন গাৰ্লছ স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে । তাৰ পৰৱৰ্তী পৰ্যায়ত পত্ৰলেখাই এটা দুটাকৈ কেইবাটাও বিজ্ঞাপনত অভিনয় কৰে । ব্লেকবেৰী, টাটা ডকম’ আদি কেইবাটাও বিজ্ঞাপনত ভাগ লোৱাৰ পাচত পত্ৰলেখাই লাহেকৈ খোজ পেলায় ছবি জগতত ।

‘চিটী লাইটছ’, ‘লভ গেমছ’, ‘নানু কি জানু’ আৰু ‘হোৱেৰ ইজ মাই কান্নাৰাকা’ নামৰ বলীউডৰ ছবি আৰু ৱেব চিৰিজত অভিনয় কৰা পত্ৰলেখাৰ সৈতে বিগত এঘাৰ বছৰে প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই আছিল অভিনেতা ৰাজকুমাৰ ৰাওৱে । অৱশেষত এই শৰততে অভিনেতাগৰাকীয়ে চণ্ডীগড়ৰ দ্যা অবেৰয় চুখবিলাস স্পা ৰিজ’ৰ্টত পত্ৰলেখা(Patralekhaa)ৰ সৈতে হোমৰ গুৰিত বহে ।

লগতে পঢ়ক :উন্মোচন হ’ল ইন্দ্ৰাণী শৰ্মাৰ দ্বিতীয়খন উপন্যাস ‘আবিৰ’

ABOUT THE AUTHOR

...view details