অসম

assam

ETV Bharat / sitara

জন্মদিন বিশেষ : 32 বছৰীয়া হ’ল মোহময়ী অভিনেত্ৰী পৰিণীতি চোপ্ৰা - Parineeti Chopra

বলিউডৰ মোহময়ী অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ জন্মদিন উপলক্ষে ইটিভি ভাৰতৰ এক প্ৰতিবেদন...

Actress Parineeti Chopra birthday
32 বছৰীয়া হ’ল মোহময়ী অভিনেত্ৰী পৰিণীতি চোপ্ৰা

By

Published : Oct 22, 2020, 1:23 PM IST

চিটাৰা ডেস্ক,22 অক্টোবৰ : আজি বলিউডৰ মোহময়ী অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ 32 সংখ্যক জন্মদিন ৷ 1988 চনৰ আজিৰ দিনটোতে হাৰিয়ানাৰ আম্বালাত জন্মগ্ৰহণ কৰা পৰিণীতিয়ে 2011 চনত Ladies VS Ricky Bahl ছবিখনৰ জৰিয়তে বলিউডত ভৰি দিছিল ৷

পৰৱৰ্তী সময়ত তেওঁ Ishaqzaade (2012),Shuddh Desi Romance (2013),Hasee Toh Phasee (2014),Meri Pyaari Bindu (2017),Namaste England (2018) আদি ছবিত অভিনয় কৰি দৰ্শকৰ পৰা অশেষ মৰম পাইছিল ৷ অৱশ্যে ইয়াৰে ভিতৰত কিছু সংখ্যক ছবিয়ে সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল ৷

32 বছৰীয়া হ’ল মোহময়ী অভিনেত্ৰী পৰিণীতি চোপ্ৰা

2017 চনত Golmaal Again ক’মেডী ছবিখনেৰে দৰ্শকক হহুৱাৰ লগতে 2019 বৰ্ষত মুক্তি লাভ কৰা Kesari ছবিখনত তেওঁৰ অভিনয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয় ৷

32 বছৰীয়া হ’ল মোহময়ী অভিনেত্ৰী পৰিণীতি চোপ্ৰা

অভিনয়ত সুখ্যাতি লাভ কৰাৰ উপৰিও পৰিণীতি বলিউডৰ এগৰাকী সুকণ্ঠী গায়িকা হিচাপেও পৰিচিত ৷ ইতিমধ্য়ে পৰিণীতিয়ে তেওঁৰ কেইবাখনো ছবিত কণ্ঠদান কৰাৰ লগতে শেহতীয়াকৈ Kesariত গোৱা ‘Teri Mitti’ নামৰ দেশপ্ৰেমমূলক গীতটিৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ৷ আনহাতে 2015 চনত পৰিণীতিক হাৰিয়ানাৰ পৰা ‘বেটি বচাও বেটি পঢ়াও’ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছিল ৷

32 বছৰীয়া হ’ল মোহময়ী অভিনেত্ৰী পৰিণীতি চোপ্ৰা

পৰিণীতিয়ে কেইবাটাও ‘Best Actress’ৰ ছবি বঁটা Filmfare Award,Screen Awardৰ লগতে IIFA Awardৰে সন্মানিত হয় ৷ ব্যক্তিগত দিশটোতো পৰিণীতি খুব পৰিয়ালকেন্দ্ৰিক ৷ তেওঁৰ আত্মীয় ভনীয়েক অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ সৈতে পৰিণীতিৰ সম্পৰ্ক অতি গাঢ় ৷

মোহময়ী অভিনেত্ৰী গৰাকীৰ অধিক সফলতা কামনা কৰি ইটিভি ভাৰতৰ তৰফৰ পৰা তেওঁৰ জন্মদিন উপলক্ষে অশেষ শুভকামনা ৷

লগতে পঢ়ক :কলকাতাৰ দুৰ্গা পূজা মণ্ডপত অভিনেতা চনু চুডৰ প্ৰতিমূৰ্তি নিৰ্মাণ

ABOUT THE AUTHOR

...view details