চিটাৰা ডেস্ক, ২১ অক্টোবৰ: এফালে বাৰে বাৰে ন্যায়লয়ৰ দ্বাৰস্থ হৈও বিমুখ হ'বলগীয়া হৈছে শ্বাহৰুখ তনয় আৰিয়ান খান আৰু আনফালে, নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই ড্ৰাগছ সেৱনকাৰী বলিউড তাৰকাক জালত পেলোৱাৰ বাবে জাল পাতিছে । এইবাৰ নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ ৰোষত পৰিল অভিনেত্ৰী অনন্যা পাণ্ডে । বৃহস্পতিবাৰে অভিনেত্ৰীগৰাকীৰ বাসগৃহত তালাচী অভিযান চলায় নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই । এন চি বিয়ে আদালতক জনাইছিল যে, অভিনেত্ৰীগৰাকীয়ে ড্ৰাগছৰ বিষয়ে আৰিয়ানৰ সৈতে বাৰ্তালাপ কৰিছিল ।
সেয়ে, তদন্তকাৰী বিষয়াই তালাচী চলায় অনন্যাৰ বাসগৃহত । আৰিয়ান খানৰ সৈতে হোৱা হোৱাটছ এপ বাৰ্তা আদালতত দাখিল কৰিছিল এন চি বিয়ে । অনন্যাক সোধা-পোচাৰ বাবেও এন চি বিৰ মুম্বাইস্থিত কাৰ্যালয়ত উপস্থিত হ'বলৈ কোৱা হৈছে । উল্লেখ্য যে, বোম্বে উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ আৰিয়ান খানৰ জামিন আবেদনৰ শুনানি স্থগিত ৰাখিছিল ।