চিটাৰা ডেস্ক,20জুনঃ আনলকৰ পিছত মহাৰাষ্ট্ৰৰ চৰকাৰে সুৰক্ষা নিৰ্দেশনাৰ সৈতে ছবি আৰু টি ভি প্ৰজেক্টচৰ শ্বুটিঙৰ অনুমতি প্ৰদান কৰিছিল ৷ কিন্তু বলীউডৰ বহু তাৰকাই বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সংকোচ প্ৰকাশ কৰিছে ৷ শ্বুটিঙ চেটত কাম কৰিবলৈ সংকোচ কৰি ব্যক্ত কৰিছে যে, তেওঁলোকৰ মনত এতিয়াও সন্দেহ আছে আৰু সকলোতকৈ আগত তেওঁলোকে স্বাস্থ্যক প্ৰাধান্য দিব বিচাৰে ৷
চুপাৰ30ৰ অভিনেত্ৰী ম্ৰুণাল ঠাকুৰো ইয়াৰ ভিতৰত অন্যতম ৷ তেওঁৰ বাবে "স্বাস্থ্য সকলোতকৈ আগত ৷ "
ম্ৰুণাল ঠাকুৰে জনোৱা মতে," মই এতিয়ালৈকে প্ৰস্তুত হোৱা নাই ৷ মোৰ অনুভৱ মই যদি শ্বুটিঙৰ বাবে হা কৈ দিও তেতিয়া মই বহুত মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিব পাৰো ৷ সঁচাকৈ মই এই সিদ্ধান্ত লোৱাত অসমৰ্থ হৈছো ৷ মুম্বাইত মনচুন আৰম্ভ হোৱাৰ লগে লগে বিশেষ ৰূপত ফ্লু জাতীয় বেমাৰ বৃদ্ধি পোৱাৰো অধিক সম্ভাৱনা প্ৰকট হৈছে ৷ "
অভিনেতা তনুজ বিৰবানীয়েও তেওঁৰ সৈতে সহমত প্ৰকাশ কৰিছে ৷ তেওঁ কয়, "মোৰ শ্বুটিং চেট বহুত মনত পৰিছে কিন্তু যি প্ৰজেক্টৰ বাবে মই শ্বুটিং কৰি আছিলো সেই প্ৰজেক্টৰ বাবে বহুত শিল্পী আৰু ক্ৰু সদস্যৰ প্ৰয়োজন ৷ মোৰ অনুভৱ যি ছবি আৰু শ্ব' সমূহত শ্বুটিঙ চেটত কম মানুহৰ আৱশ্যকতা আছে , তেওঁলোক আগবাঢ়িব পাৰে ৷ ইয়াৰ দ্বাৰা বহুত মানুহে সাহস পাব ৷ ব্যক্তিগতভাৱে মই নাভাবো যে জুলাইৰ শেষত বা আগষ্টৰ প্ৰথমত সম্পূৰ্ণৰূপে শ্বুটিং আৰম্ভ হ'ব পাৰিব ৷"