ছিটাৰা ডেস্ক, 8 ছেপ্তেম্বৰ : মঙলবাৰে মগজুৰ ৰক্তক্ষৰণ হোৱাত চিকিৎসাধীন হয় প্ৰবীণ বলীউদ তথা টেলিভিছন অভিনেত্ৰী সুৰেখা চিক্ৰী ৷ অভিনেত্ৰীগৰাকীৰ এজেন্ট বিবেক সিধৱানীয়ে প্ৰদান কৰা তথ্য অনুসৰি, বৰ্তমান মুম্বাইৰ এখন চিকিৎসালয়ৰ আইচিইউ কক্ষত চিকিৎসাধীন হৈ আছে চিক্ৰী ৷ 75 বৰ্ষীয় অভিনেত্ৰীগৰাকী বৰ্তমান সুস্থিৰ অৱস্থাত আছে বুলি সিধৱানীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷
তিনিটাকৈ ৰাষ্ট্ৰীয় সন্মানৰ অধিকাৰী সুৰেখা চিক্ৰী বহু বলিষ্ঠ অভিনয়ৰ বাবে বিখ্যাত ৷ তামাছ, মাম্মো, জুবেইদা, ধাৰাবাহিক বালিকা বধু আদিৰ বাবে জনপ্ৰিয় আছিল সুৰেখা চিক্ৰী ৷