অসম

assam

By

Published : Aug 9, 2020, 1:01 PM IST

ETV Bharat / sitara

ক্ৰমাৎ সুস্থ হৈ উঠিছে অভিনেতা সঞ্জয় দত্ত

শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছিল অভিনেতা সঞ্জয় দত্তক ৷ ইতিমধ্যে অভিনেতা গৰাকীৰ কৰ'ণা পৰীক্ষণৰ ফলাফলো নিগেটিভ আহিছে ৷ লগতে তেওঁৰ স্বাস্থ্যৰো ক্ৰমাৎ উন্নতি হৈছে বুলি ছ'চিয়েল মিডিয়া যোগে জনাইছে অভিনেতাগৰাকীয়ে ৷

Actor Sanjay dutt admitted to Lilavati hospital in Mumbai
ক্ৰমাৎ সুস্থ হৈছে অভিনেতা সঞ্জয় দত্ত

চিটাৰা ডেস্ক,9 আগষ্টঃ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে শনিবাৰে তৎকালীনভাৱে হাস্পতালত ভৰ্ত্তি কৰা হৈছিল অভিনেতা সঞ্জয় দত্তক ৷ 61 বছৰীয়া অভিনেতা গৰাকী বৰ্তমান ভৰ্ত্তি হৈ আছে মুম্বাইৰ লীলাৱতী হাস্পতালত ৷ হাস্পতালত অভিনেতা গৰাকীৰ কৰ'ণা পৰীক্ষণ কৰাত ইতিমধ্যে তেওঁৰ ফলাফল নিগেটিভ আহিছে ৷

শেহতীয়াকৈ অভিনেতাগৰাকীয়ে টুইটাৰ যোগে এটা পোষ্ট শ্বেয়াৰ কৰে যে, তেওঁ বৰ্তমান ঠিকেই আছে আৰু চিকিৎসকৰ নিৰীক্ষণত আছে ৷ লগতে তেওঁ নিজেই কৰ'ণা পৰীক্ষণ নিগেটিভ অহা বুলি অনুৰাগীসকলক জানিবলৈ দিয়ে ৷

তেওঁ আৰু লিখে যে,লীলাৱতী হাস্পতালৰ চিকিৎসক,নাৰ্চ আৰু স্বাস্থ্য কৰ্মীৰ সহায় আৰু প্ৰতিপালৰ বাবে এদিন বা দুদিনৰ ভিতৰতে সুস্থ হৈ ঘৰলৈ উভতিব পাৰিব ৷ লগতে সকলোৰে শুভকামনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলে অভিনেতাগৰাকীয়ে ৷

অভিনেতাগৰাকীৰ কামৰ কথালৈ চালে, সঞ্জয় দত্তৰ আগন্তুক ছবিচড়ক-2আৰু ভূজ: দ্য প্ৰাইড অফ ইণ্ডিয়ামুক্তি লাভ কৰিব ডিজিটেল প্লেটফৰ্ম ডিজনী প্লাছ হটষ্টাৰত ৷

লগতে পঢ়কঃৰেম্প ৱাকৰ পৰা লোকসেৱালৈ ঐশ্বৰ্য শ্বে'ৰাণৰ যাত্ৰা

For All Latest Updates

ABOUT THE AUTHOR

...view details