চিটাৰা ডেস্ক. 8 ছেপ্টেম্বৰ :অৱশেষত মৃত্যুৰে হাৰ মানিলেঅভিনেতা অক্ষয় কুমাৰৰ মাতৃয়ে ৷ বুধবাৰে পুৱা মুম্বাইৰ হীৰানন্দানী চিকিৎসালয়ৰ আই চি ইউত ইহলীলা সম্বৰণ কৰে বলিউড অভিনেতাগৰাকীৰ মাতৃয়ে । অক্ষয় কুমাৰে টুইটাৰযোগে এটা পোষ্ট শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে ৷
মাতৃৰ মৃত্যুৰ বাতৰি টুইটযোগে শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখে- "তেওঁ মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল । আজি মই অসহনীয় বেদনাত আছো ৷ মোৰ মা অৰুণা ভাটিয়াই এই পৃথিৱী এৰি গৈছে আৰু এতিয়া তেওঁ দেউতাৰ সৈতে আন এখন পৃথিৱীলৈ গৈছে ৷ আমাৰ পৰিয়ালটো এই বেয়া সময়ৰ সৈতে যুঁজ দি আছে । আপোনালোক সকলোৰে প্ৰাৰ্থনাৰ প্ৰয়োজন ৷"