চিটাৰা ডেস্ক , 9 ছেপ্তেম্বৰ : জন্মদিনৰ শুভক্ষণত প্ৰয়াত মাতৃৰ অনুপস্থিতি অনুভৱ কৰি আবেগিক হৈ পৰিছে অভিনেতা অক্ষয় কুমাৰ(Akshay Kumar) ৷ আজি 54 বছৰত ভৰি দিলে খিলাড়ী অক্ষয়ে ৷ ওপজা দিনৰ ঠিক এদিন পূৰ্বেই মাতৃ অৰুণা ভাটিয়াক হেৰুৱাইছে অভিনেতাগৰাকীয়ে ৷ ছ’চিয়েল মিডিয়াযোগে মাকৰ অনুপস্থিতি অনুভৱ কৰি অনুৰাগীসকলৰ সৈতে দুখ ব্যক্ত কৰে অক্ষয় কুমাৰে ৷
তেওঁ লিখিছে, ‘‘আজি মোৰ মা জীয়াই থাকিলে নিশ্চয়কৈ মোক Happy Birthdayৰে শুভেচ্ছা জনালেহেঁতেন ৷ মাৰ মৃত্যুৰ বাবে কৰা সমবেদনা আৰু মোক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে আপোনালোক প্ৰত্যেককে ধন্যবাদ । জীৱন চলি থাকিব’’ ৷ মাতৃৰ সৈতে তোলা এখন পুৰণি ফটো শ্বেয়াৰ কৰি এনেদৰে দুখ প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ৷
উল্লেখ্য যে, অক্ষয় কুমাৰৰ মাতৃক মুম্বাইৰ হীৰানন্দানী চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল যদিও আইচিইউতে ইহলীলা সম্বৰণ কৰে বলিউড অভিনেতাগৰাকীৰ মাতৃয়ে ।