অসম

assam

By

Published : Aug 8, 2020, 6:06 PM IST

ETV Bharat / sitara

অৱশেষত নিগেটিভ আহিল অভিষেক বচ্চনৰ কৰ'ণা ৰিৰ্প'ট

কৰ'ণা যুদ্ধত জয়ী হ'ল অভিনেতা অভিষেক বচ্চন ৷ এই সুখবৰটো নিজেই টুইটযোগে প্ৰকাশ কৰিছে অভিনেতা গৰাকীয়ে ৷

Abhishek bachchan tested negative for coronavirus
অৱশেষত নিগেটিভ আহিল অভিষেক বচ্চনৰ কৰ'ণা ৰিৰ্প'ট

চিটাৰা ডেস্ক,8 আগষ্টঃ কৰ'ণা ভাইৰাছক প্ৰতিহত কৰিলে অভিনেতা অভিষেক বচ্চনে ৷ অৱশেষত কৰ'ণা পৰীক্ষণ নিগেটিভ আহিল অভিনেতা গৰাকীৰ ৷ শেহতীয়াকৈ টুইট যোগে এই কথা প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে ৷

অভিষেক বচ্চনে টুইট যোগে লিখিছে, "এটা প্ৰতিশ্ৰুতি সদায় প্ৰতিশ্ৰুতি হয় ৷ মই COVID-19 নিগেটিভ হ'লো ৷ মই আপোনালোক সকলোকে কৈছিলো যে মই ইয়াক হৰুৱাম ৷ আপোনালোক সকলোৱে মোৰ আৰু মোৰ পৰিয়ালৰ বাবে কৰা প্ৰাৰ্থনাৰ বাবে ধন্যবাদ ৷ নানাৱতী হাস্পতালৰ চিকিৎসক, নাৰ্চ সকলে ইমান খিনি কৰাৰ বাবে বহুত বহুত কৃতজ্ঞ ৷ ধন্যবাদ ৷"

অভিষেকৰ এই টুইটটো পোৱাৰ পিছতে যথেষ্ট সুখী হৈ পৰে তেওঁৰ অনুৰাগী সকল ৷ বহু সংখ্যকে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেতা গৰাকীৰ প'ষ্টটোত ৷

অৱশ্যে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অভিনেতা গৰাকীয়ে কেতিয়া হাস্পতালৰ পৰা অব্যাহতি লাভ কৰি স্ব-গৃহলৈ উভতি যাব ৷ উল্লেখ্য যে, অভিষেকৰ পূৰ্বে তেওঁৰ পিতৃ তথা মেগাষ্টাৰ অমিতাভ বচ্চন,পত্নী ঐশ্বৰ্য ৰায় বচ্চন আৰু কন্যা আৰাধ্যা বচ্চনে ইতিমধ্যে কৰ'ণা ভাইৰাছক প্ৰত্যাহ্বান জনাই অব্যাহতি লাভ কৰিছে হাস্পতালৰ পৰা ৷

লগতে পঢ়কঃগৰ্ভৱতী পত্নীক ইহ সংসাৰত এৰি গ'ল সহ-পাইলট অখিলেশ কুমাৰে

ABOUT THE AUTHOR

...view details