অসম

assam

By

Published : Jan 30, 2021, 5:15 PM IST

ETV Bharat / sitara

বচ্চন পাণ্ডেত ভিলেইনৰ ৰূপত দেখিবলৈ পোৱা যাব অভিমন্যু সিঙক

বচ্চন পাণ্ডেত অক্ষয় কুমাৰৰ বিপৰীতে ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰিব অভিমন্যু সিঙে ৷ অভিমন্যুৰ উপৰিও ছবিখনত দেখিবলৈ পোৱা যাব অভিনেত্ৰী কৃতী চেনন, জেকলিন ফৰ্ণাণ্ডেছ আৰু অভিনেতা অৰ্ষদ ৱাৰ্ছিক ৷

Abhimanyu Singh to play villain opposite Akshay Kumar in 'Bachchan Pandey'
বচ্চন পাণ্ডেত ভিলেইনৰ ৰূপত দেখিবলৈ পোৱা যাব অভিমন্যু সিঙক

চিটাৰা ডেস্ক,30 জানুৱাৰী: চুপাৰষ্টাৰ অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি ‘বচ্চন পাণ্ডে’ত দেখিবলৈ পোৱা যাব অভিনেতা অভিমন্যু সিঙক ৷ এই ছবখনত ভিলেইনৰ ৰূপত দেখিবলৈ পোৱা যাব অভিনেতা গৰাকীক ৷ এই কথা জানিবলৈ দিছে ছবি সমালোচক কথা বাণিজ্য বিশ্লেষক তৰণ আদৰ্শে ৷

সমালোচক গৰাকীয়ে টুইটযোগে লিখিছে, "#AbhimanyuSingh to play the villain opposite #AkshayKumar in #BachchanPandey," অৰ্থাৎ বচ্চন পাণ্ডেত অক্ষয় কুমাৰৰ বিপৰীতে ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰিব অভিমন্যু সিঙে ৷ অভিমন্যুৰ উপৰিও ছবিখনত দেখিবলৈ পোৱা যাব অভিনেত্ৰী কৃতী চেনন, জেকলিন ফৰ্ণাণ্ডেছ আৰু অভিনেতা অৰ্ষদ ৱাৰ্ছিক ৷ ছবিখন প্ৰযোজনা কৰিছে চাজিদ নাদিয়াদৱালাই ৷

ছবিখন 2022 বৰ্ষৰ 26 জানুৱাৰীত ছবিগৃহলৈ আহিব ৷ উল্লেখ্য যে, এই ছবিখনৰ শ্বুটিং গাড়ীসাৰ লেক, জৈশাকোট আদি ঠাইত কৰা হৈছে ৷ ছবিখনত অভিনেতা অক্ষয় কুমাৰে এগৰাকী গেংষ্টৰৰ চৰিত্ৰ ৰূপায়ন কৰিব যি অভিনেতা হ’ব বিচাৰে ইয়াৰ বিপৰীতে কৃতি চেননে এগৰাকী সাংবাদিকৰ চৰিত্ৰ ৰূপায়ন কৰিব ৷

লগতে পঢ়ক-ভাল স্ক্ৰিপ্টত কাম কৰিবলৈ পালে সৌভাগ্যশালী হয়ঃ দৰ্শন কুমাৰ

ABOUT THE AUTHOR

...view details