অসম

assam

ETV Bharat / sitara

বলিউডত পদৰ্পনৰ বাবে সাজু আমিৰ খানৰ জ্যেষ্ঠ পুত্ৰ জুনেইড খান - জুনেইড খান

বলিউডত পদৰ্পনৰ বাবে সাজু হৈছে অভিনেতা আমিৰ খানৰ জ্যেষ্ঠ পুত্ৰ জুনেইড খান ৷ এই ছবিখনৰ নিৰ্দেশনা কৰিব সিদ্ধাৰ্থ মালহোত্ৰাই ৷ এইপৰ্যন্ত ছবিখনৰ নাম চূড়ান্ত কৰা নাই নিৰ্মাতাই ৷

Aamir Khan's elder son Junaid Khan is gearing up for his Bollywood debut
বলিউডত পদৰ্পনৰ বাবে সাজু আমিৰ খানৰ জ্যেষ্ঠ পুত্ৰ জুনেইড খান

By

Published : Dec 9, 2020, 4:02 PM IST

চিটাৰা ডেস্ক,9 ডিচেম্বৰ : বলিউডত পদৰ্পনৰ বাবে সাজু হৈছে অভিনেতা আমিৰ খানৰ জ্যেষ্ঠ পুত্ৰ জুনেইড খান ৷ এই ছবিখনত জুনেইডৰ বিপৰীতে দেখিবলৈ পোৱা যাব তেলুগু ছবি অৰ্জুন ৰেড্ডীৰ অভিনেত্ৰী শালিনী পাণ্ডেক ৷ এই ছবিখনৰ নিৰ্দেশনা কৰিব সিদ্ধাৰ্থ মলহোত্ৰাই ৷ এইপৰ্যন্ত ছবিখনৰ নাম চূড়ান্ত কৰা নাই নিৰ্মাতাই ৷ ছবিখনত শালিনীৰ উপৰিও যশৰাজ ফিল্মছৰ বেনাৰত নিৰ্মান হ’বলগীয়া ‘বন্তী ঔৰ ববলী 2’ ৰ জৰিয়তে ডেব্যু কৰিবলৈ ওলোৱা অভিনেত্ৰী শৰভৰী ৱাঘকো দেখিবলৈ পোৱা যাব ৷

উল্লেখ্য যে, অনুস্কা শৰ্মা, ৰনবীৰ সিং, পৰিণীতি ছোপ্ৰা, প্ৰয়ত সুশান্ত সিং ৰাজপুত আদিৰ দৰে প্ৰতিভাসমূহক বলিউদলত পদাৰ্পন কৰোৱা যশৰাজ ফিল্মৰ বেনাৰত কাম কৰাৰ হাবিয়াস বহু পূৰ্বৰে পৰা আছিল জুনেইডৰ ৷ জুনেইডৰ সৈতে স্বাক্ষৰিত হোৱা ছবিখন শালিনীৰ যশৰাজেৰে দ্বিতীয়খন ছবি ৷ শালিনীয়ে ‘জয়শভাই জোৰদাৰ’ত ৰনবীৰ সিঙৰ বিপৰীতে হিন্দী ছবিজগতত পদাৰ্পন কৰিব ৷ এই ছবিখনো য়শৰাজৰ বেনাৰতে প্ৰস্তুত কৰা হৈছে ৷

বলিউডত পদৰ্পনৰ বাবে সাজু আমিৰ খানৰ জ্যেষ্ঠ পুত্ৰ জুনেইড খান

বলিউডত অহাৰ পূৰ্বে জুনেইডে লজ এঞ্চেলেছৰ আমেৰিকান একাডেমী অব ড্ৰামাটিক আৰ্টছত শিক্ষা গ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও তেখেতে ভাৰতত তিনি বছৰ ভ্ৰাম্যমানটো অভিনয় কৰে ৷ ইয়াৰ পূৰ্বে জুনেইডে মালায়ালম ছবি ‘ইস্ক’ৰ ৰিমেকৰ দ্বাৰা বলিউডত পদৰ্পন কৰিব বুলি বাতৰি প্ৰকাশ পাইছিল ৷ এই ছবিখনৰ বাবে জুনেইডে অডিশ্যন দিছিল যদিও নিৰ্বাচিত হোৱা নাছিল ৷ ইয়াৰ পিছতে জুনেইডে বিভিন্ন কাষ্টিং ডাইৰেক্টৰৰ কাষ চপাৰ উপৰিও বিভিন্ন ছবিৰ বাবে অডিশ্যন দিয়ে আৰু অৱশেষত য়শৰাজে তেখেতক বলিউডত পদৰ্পন কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক-চেন্নাইৰ হোটেলৰ কোঠাত তামিল অভিনেত্ৰী চিটাৰাৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details