চিটাৰা ডেস্ক, 14 জুন: শেহতীয়াকৈ ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা বলীউডৰ চুপাৰষ্টাৰ(superstar) আমিৰ খানে তেওঁৰ বহু প্ৰত্যাশিত ছবি লাল সিং চাড্ডা(Laal Singh Chaddha)ৰ দৃশ্যগ্ৰহণৰ কাম পুনৰ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
প্ৰাপ্ত বাতৰি অনুসৰি, সোমবাৰৰ পৰা আমিৰে মুম্বাইত লাল সিং চাড্ডা(Laal Singh Chaddha)ৰ দৃশ্যগ্ৰহণ পুনৰ আৰম্ভ কৰিব । ছবিখনৰ নিৰ্মাতাসকলে কম সময়ৰ ভিতৰতে ছবিখন সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে । সকলো প্ৰয়োজনীয় সাৱধানতাৰ সৈতে অতি সীমিত কলা-কুশলীৰে ছবিখনৰ দৃশ্যগ্ৰহণ পুনৰ আৰম্ভ হৈছে ৷
বিগত সপ্তাহত, আমিৰৰ পুত্ৰ জুনেইদ খানেও মুম্বাইত তেওঁৰ প্ৰথম ছবি মহাৰাজাৰ দৃশ্যগ্ৰহণ পুনৰ আৰম্ভ কৰিছিল । ইফালে অক্ষয় কুমাৰেও আনন্দ এল ৰায়ৰ ছবি ৰক্ষা বন্ধন(Raksha Bandhan)ৰ বাবে দৃশ্যগ্ৰহণ আৰম্ভ কৰিব ৷ 'ৰক্ষা বন্ধন’ৰ মুখ্য চৰিত্ৰত ভূমি পেডনেকাৰে অভিনয় কৰিব ৷
উল্লেখ্য যে, লাল সিং চাড্ডা(Laal Singh Chaddha) হলিউডৰ অভিনেতা টম হেংকছৰ ১৯৯৪ চনৰ ‘ফৰেষ্ট গাম্প’(Forest Gump) চলচ্চিত্ৰৰ হিন্দী ৰিমেক । ইয়াত কৰীণা কাপুৰ খান আৰু তেলেগু তাৰকা নাগা চৈতন্যক দেখা পোৱা যাব । চলচ্চিত্ৰখন ২০২১ চনৰ খ্ৰীষ্টমাছত মুক্তিৰ বাবে নিৰ্ধাৰণ কৰা হৈছে যদিও সঠিক তাৰিখ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক : SSRক স্মৰণ : অভিনেতাগৰাকীৰ উৎকৃষ্ট সংলাপবোৰ হৈ ৰ’ব চিৰস্মৰণীয়