অসম

assam

ETV Bharat / sitara

Happy Birthday Amir Khan :প্ৰাক্তন পত্নী কিৰণ ৰাওৱে দিয়া উপহাৰত অভিভূত হৈ পৰিল আমিৰ খান - আমিৰ খানত জন্মদিনত প্ৰাক্তন পত্নী কিৰণৰ উপহাৰ

14 মাৰ্চত বলীউডৰ মিষ্টাৰ পাৰফেক্টছ’নিষ্ট আমিৰ খানে সম্পূৰ্ণ কৰিলে 57 বছৰ (Amir khan turns 57 today) ৷ তাৰকাগৰাকীয়ে জন্মদিনত প্ৰাক্তন পত্নী কিৰণ ৰাওৰ পৰা লাভ কৰিলে এক বিশেষ উপহাৰ (Amir Khan birthday) ৷ কিৰণৰ পৰা লাভ কৰা উপহাৰটো আটাইতকৈ উৎকৃষ্ট বুলি মুকলিকৈ প্ৰকাশ কৰিলে অভিনেতাগৰাকীয়ে ৷

birthday gift
আমিৰ খানে সম্পূৰ্ণ কৰিলে 57 বছৰ

By

Published : Mar 14, 2022, 1:01 PM IST

চিটাৰা ডেস্ক, 14 মাৰ্চ :বলীউডৰ অভিনেতা আমিৰ খানে আজি উদযাপন কৰিছে 57 সংখ্যক ওপজাদিন (Amir Khan birthday) ৷ অভিনেতাগৰাকীৰ জন্মদিনত অনুৰাগীয়ে যাঁচিছে শুভেচ্ছা ৷ প্ৰায় তিনি দশক জুৰি বলীউডত দপদপাই আছে আমিৰ খান ৷

বিগত বৰ্ষত আমিৰ খান আৰু কিৰণ ৰাও দুয়োৱে সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছিল বিবাহ বিচ্ছেদৰ কথা ৷ এইবেলি জন্মদিনত প্ৰাক্তন পত্নীয়ে দিয়া উপহাৰটোক জন্মদিনৰ আটাইতকৈ উৎকৃষ্ট উপহাৰ বুলি মুকলিকৈ প্ৰকাশ কৰিছে আমিৰে (Amir Khan receives birthday gift from Kiran Rao) ৷

কিৰণ ৰাওৱে দিয়া উপহাৰত অভিভূত হৈ পৰিল আমিৰ খান

এক সাক্ষাৎকাৰত আমিৰে প্ৰাক্তন পত্নী কিৰণ ৰাও সন্দৰ্ভত বিশেষ মন্তব্য প্ৰকাশ কৰিছে ৷ প্ৰাক্তন পত্নী কিৰণৰ সৈতে কিছুদিন পূৰ্বে কথা-বতৰা হোৱাৰ কথাও উল্লেখ কৰিছে আমিৰে ৷ আমিৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, তেওঁ কিৰণৰ পৰা এখন তালিকা বিচাৰিছিল ৷ য’ত আমিৰৰ ভাল আৰু বেয়া গুণসমূহ উল্লেখ কৰিবলৈ কিৰণক কৈছিল ৷ নিজৰ শুধৰণিৰ বাবে এই তালিকাখন বিচাৰিছিল আমিৰে ৷

কিৰণ ৰাওৱে আমিৰক 10-12 টা পইণ্ট সন্নিৱিষ্ট এখন তালিকা দিছে ৷ সেই পইণ্টকেইটা আমিৰে জন্মদিনৰ আটাইতকৈ সুন্দৰ উপহাৰ বুলি মন্তব্য কৰিছে ৷ কিৰণৰ পৰা পোৱা তালিকাখনে আচৰিত কৰি তুলিছে অভিনেতাগৰাকীক ৷

কৰীণা কাপুৰৰ সৈতে আমিৰ

প্ৰাক্তন পত্নীৰ প্ৰশংসা লাভ কৰি আমিৰে কয় যে, কিৰণে অতি সুন্দৰকৈ আৰু সততাৰে তেওঁৰ বেয়া গুণবোৰ উল্লেখ কৰিছে ৷ যিটো পূৰ্বে কোনোৱে কৰা নাছিল ৷ প্ৰায় 15 বছৰীয়া বৈবাহিক সম্পৰ্ক বিচ্ছেদ কৰিছিল আমিৰ-কিৰণে (Amir khan Kiran Rao divorce) ৷ দুয়োৰে এই সিদ্ধান্তত হতচকিত হৈ পৰিছিল অনুৰাগীসকল ৷

উল্লেখ্য যে, আমিৰ খানক কৰীণা কাপুৰৰ সৈতে দীৰ্ঘদিনীয়া বিৰতিৰ মূৰত লাল সিং চাড্ডাত দেখিবলৈ পোৱা যাব ৷ ছবিখনে 11 আগষ্টত মুক্তি পোৱাৰ কথা ৷

লগতে পঢ়ক:সামাজিক মাধ্য়মত 'লাল সিং চাড্ডা' ৰ শ্বুটিঙৰ ফটো শ্বেয়াৰ

ABOUT THE AUTHOR

...view details