অসম

assam

ETV Bharat / sitara

হেপ্পী বাৰ্থডে ড্ৰিম গাৰ্ল - বিয়ণ্ড দ্য ড্ৰীম গাৰ্ল

73 বছৰত ভৰি দিলে ড্ৰিম গাৰ্ল হেমা মালিনীয়ে ৷ হেমা মালিনীৰ পৰা কেনেকৈ তামিলভাষী অভিনেত্ৰীগৰাকীৰ পৰিচয় হৈ পৰিছিল ড্ৰিম গাৰ্ল ? জানো আহক...

73rd birthday of dream girl hema malini
হেপ্পী বাৰ্থডে ড্ৰিম গাৰ্ল

By

Published : Oct 16, 2021, 2:49 PM IST

চিটাৰা ডেস্ক , 16 অক্টোবৰ : হিন্দী চলচ্চিত্ৰ জগতত ধুনীয়া তথা আকৰ্ষণীয় মুখৰ কোনো অভাৱ নাই ৷ কিন্তু, এইসকলৰ মাজতে এনে কিছু কলা-কুশলী আছে, যিসকলে এক উল্লেখযোগ্য কামৰ সৈতে এটা যুগৰ সংজ্ঞা দিয়াৰ লগতে যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷ এনে লোকৰ সংখ্য অতি নগণ্য ৷ সেই লোকসকলৰ মাজত হেমা মালিনীৰ নাম নিৰ্বিবাদে অন্যতম ৷

15 বছৰ বয়সত হেমা মালিনীক এখন তামিল ছবিৰ বাবে চুক্তিৱদ্ধ কৰা হৈছিল ৷ কিন্তু, বেছি ক্ষীণ হোৱাৰ বাবে শেষ মূহুৰ্তত তেওঁক বাদ দিয়া হৈছিল ৷ অৱশ্যে এই প্ৰত্যাখানে হেমা মালিনীৰ ভালহে কৰিছিল ৷ পাঁচ বছৰৰ পাচত প্ৰযোজক বি অনন্তস্বামীয়ে তেওঁক Sapnon Ka Saudagar ছবিত ৰাজ কাপুৰৰ বিপৰীতে এটা dream roleৰ প্ৰস্তাৱ দিছিল ৷

এগৰাকী ৰাজকুমাৰী সদৃশ গাঁৱলীয়া ছোৱালীৰ মাহী নামৰ চৰিত্ৰটো প্ৰথমে বৈজয়ন্তীমালাক আগবঢ়োৱা হৈছিল ৷ কিন্তু, তেওঁ এই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল ৷ ছবিখনৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যাৰ কৰ্তৃত্ব আছিল, তেওঁ এই চৰিত্ৰৰ বাবে এখন দক্ষিণ ভাৰতীয় মুখৰ সন্ধানত আছিল, যিয়ে ভালদৰে নৃত্য কৰাৰ লগতে বৈজয়ন্তীমালাৰ স্থিতিৰ সৈতে মিলাব পাৰে ৷

হেমা মালিনীক ভাৰতীয় সৌন্দৰ্য তথা সুন্দৰতাৰ প্ৰতীক হিচাপে তুলি ধৰাৰ ক্ষেত্ৰত অনন্তস্বামীৰ ভূমিকা উল্লেখনীয় ৷ অনন্তস্বামীয়ে মুম্বাইত হেমাক আশ্ৰয় প্ৰদান কৰাৰ লগতে সময়ত এগৰাকী Mentor হিচাপে দায়িত্ব লৈছিল ৷

Sapno Ka Saudagarৰ বাবে পোষ্টাৰবোৰ ডিজাইন কৰাৰ সময়ত অনন্তস্বামীয়েই হেমাৰ মুখৰ ঠিক তলত 'ৰাজ কাপুৰৰ ড্ৰীম গাৰ্ল' আদি শব্দ যোগ দিছিল ৷ মুক্তিৰ ঠিক আগতে, ডাঙৰ চহৰবোৰত নৱাগতা হেমাৰ life-size cutouts ৰখা হৈছিল ৷

ছবিখন মুক্তি পোৱাৰ পিছত মানুহে ইয়াৰ বিষয়ে পাহৰি যাব বুলি ভাবি হেমাই গোটেই প্ৰচাৰ কৌশলটো উপভোগ কৰি আছিল ৷ কিন্তু, চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰেছে অভিনেত্ৰীগৰাকীক ভূল প্ৰমাণিত কৰিছিল ৷

'বিয়ণ্ড দ্য ড্ৰীম গাৰ্ল'(Beyond the Dream Girl) নামৰ তেওঁৰ জীৱনীখন মুকলি কৰাৰ সময়ত হেমাই তেওঁৰ এই উপাধি আন এগৰাকী দক্ষিণ ভাৰতীয় অভিনেত্ৰী দীপিকা পাডুকনলৈ আগবঢ়াই দিয়ে আৰু তেওঁক আজিৰ যুগৰ ড্ৰীম গাৰ্ল বুলি অভিহিত কৰে ৷ অৱশ্যে, ভাৰতীয় চিনেমা থকালৈকে তেওঁ ড্ৰীম গাৰ্ল হৈ আছে আৰু থাকিব ৷

অভিনেত্ৰীগৰাকীক 73 সংখ্যক জন্মদিনত ইটিভি ভাৰত চিটাৰাৰ ফালৰ পৰাও বহু শুভকামনা ৷

লগতে পঢ়ক :গুলাবো চিতাবো খ্যাত অভিনেত্ৰী ফাৰুখ জাফৰৰ মৃত্যু

ABOUT THE AUTHOR

...view details