অসম

assam

ETV Bharat / sitara

67 তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: কংগণা ৰাণাৱট, মনোজ বাজপেয়ী, ধনুষলৈ বঁটা

সোমবাৰে ঘোষণা কৰা হয় 67 তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিজয়ীসকলৰ নাম । কৰ’ণা মহামাৰীৰ বাবে এবছৰ পলমকৈ অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান ৷

National Film Awards
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

By

Published : Mar 22, 2021, 7:43 PM IST

চিটাৰা ডেস্ক,22 মাৰ্চ: সোমবাৰে ৰাষ্ট্ৰীয় মিডিয়া কেন্দ্ৰত এক সংবাদমেলযোগে ঘোষণা কৰা হয় 67 তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । এই বাৰ্ষিক অনুষ্ঠানটো কৰ’ণা মহামাৰীৰ বাবে বিগত বৰ্ষত স্থগিত ৰখা হৈছিল ।

অভিনেত্ৰী কংগনা ৰাণাৱটে ‘মণিকৰ্ণিকা’ ছবিৰ বাবে ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ বঁটা লাভ কৰে । অভিনেতা মনোজ বাজপেয়ীয়ে তেওঁৰ ‘ভোষলে’ ছবিৰ বাবে ‘শ্ৰেষ্ঠ অভিনেতা’ৰ সন্মান লাভ কৰে ৷ আনহাতে, তামিল অভিনেতা ধনুষেও ‘অসুৰণ’ ছবিৰ বাবে ‘শ্ৰেষ্ঠ অভিনেতা’ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷

সম্পূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানটো পিআইবি ইণ্ডিয়াৰ ফেচবুক পেজ আৰু অফিচিয়েল ইউ টিউব চেনেলত উপলব্ধ হয় । এইবেলি ‘ফিচাৰ ফিল্ম’ শ্ৰেণীত মুঠ 461 খন আৰু ‘নন-ফিচাৰ ফিল্ম’ শ্ৰেণীত 220 খন ছবি মনোনীত হৈছিল ।

চলচ্চিত্ৰ নিৰ্মাতা নীতেশ তিৱাৰীৰ 2019 বৰ্ষত মুক্তি লাভ কৰা ছবি ‘চিচোৰে’ ‘শ্ৰেষ্ঠ হিন্দী ছবি’ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আঁজুৰিলে ‘ৰণুৱা’ই

ABOUT THE AUTHOR

...view details