চিটাৰা ডেস্ক, 25 অক্টোবৰ : সোমবাৰে 67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা(67th National Film Awards) প্ৰদান অনুষ্ঠানত অনুভৱ কৰা হৈছে বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত(Sushant Singh Rajput)ৰ অনুপস্থিতি ৷ উক্ত অনুষ্ঠানত সুশান্ত অভিনীত ‘চিচোৰে’(Chhichhore) ছবিখনৰ পৰিচালক নীতিশ তিৱাৰী(Nitesh Tiwari)য়ে প্ৰয়াত অভিনেতাগৰাকীৰ শূন্যতা অনুভৱ কৰে ৷
নীতিশ তিৱাৰীৰ দ্বাৰা পৰিচালিত আৰু চাজিদ নাদিয়াদৱালাৰ দ্বাৰা প্ৰযোজিত সুশান্তৰ অন্তিমখন ৰূপালী পৰ্দাৰ চলচ্চিত্ৰ ‘চিচোৰে’ এ ‘শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰ’ৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ বঁটা লাভ কৰে । অনুষ্ঠানত উপস্থিত থাকি তিৱাৰী আৰু নাদিয়াদৱালাই এই বঁটা গ্ৰহণ কৰে ৷
অনুষ্ঠানৰ ৰেড কাৰ্পেটৰ সময়ত দুয়োগৰাকীয়ে সুশান্তক স্মৰণ কৰি এই বঁটা তেওঁৰ নামত উৎসৰ্গা কৰাৰ কথা উল্লেখ কৰে । ‘‘সুশান্ত আমাৰ চলচ্চিত্ৰখনৰ এক অবিচ্ছেদ্য অংশ । তেওঁ আজি আমাক গৌৰৱান্বিত কৰিছে । আমি এই বঁটা তেওঁৰ নামত উৎসৰ্গা কৰিছো’’ ৷ এইদৰে উল্লেখ কৰে তিৱাৰী আৰু নাদিয়াদৱালাই ৷