চিটাৰা ডেস্ক,20 ফেব্ৰুৱাৰীঃ বুধবাৰে কমল হাছানৰ ইণ্ডিয়ান-2 ছবিৰ শ্বুটিঙৰ মঞ্চত ক্ৰেন সৰি পৰাৰ ফলত তিনিজনৰ মৃত্যু হোৱাৰ বিপৰীতে আঘাতপ্ৰাপ্ত হয় 9জনকৈ লোক ৷ ছবি উদ্যোগৰ সূত্ৰৰ দ্বাৰা জানিব পৰা মতে, দুৰ্ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত হোৱা নাই কমল হাছান ৷ আঘাতপ্ৰাপ্তসকলক ইতিমধ্যে হাস্পতালত ভৰ্ত্তি কৰা হৈছে ৷
ইণ্ডিয়ান-2 ৰ মঞ্চত ডাঙৰ দুৰ্ঘটনা , তিনিজনৰ মৃত্যু হোৱাৰ বিপৰীতে আহত 9 জন - কমল হাছানৰ ইণ্ডিয়ান-2 ছবিৰ শ্বুটিং
কমল হাছানৰ ইণ্ডিয়ান-2 ছবিৰ শ্বুটিঙৰ মঞ্চত দুৰ্ঘটনা সংঘটিত হৈ তিনিজনৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় 9গৰাকী ৷ বুধবাৰ নিশা শ্বুটিঙ মঞ্চত ক্ৰেন সৰি পৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷
![ইণ্ডিয়ান-2 ৰ মঞ্চত ডাঙৰ দুৰ্ঘটনা , তিনিজনৰ মৃত্যু হোৱাৰ বিপৰীতে আহত 9 জন 3 killed in an accident](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6136965-thumbnail-3x2-a.jpg)
ইণ্ডিয়ান-2 ৰ মঞ্চত ডাঙৰ দুৰ্ঘটনা
ইণ্ডিয়ান-2 ৰ মঞ্চত ডাঙৰ দুৰ্ঘটনা
পুলিচে জনোৱা মতে, এই ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া ক্ৰেনৰ দ্বাৰা শ্বুটিঙৰ মঞ্চখন দাঙি ধৰিব বিচৰা হৈছিল ৷ সেই সময়তে ক্ৰেন সৰি পৰি থিতাতে মৃত্যু হয় তিনিজনকৈ লোকৰ ৷ মৃত তিনিজনৰ ভিতৰত আছিল ছবিখনৰ নিৰ্দেশকগৰাকীৰ ব্যক্তিগত সহায়ক মধু, সহায়কাৰী নিৰ্দেশক কৃষ্ণা আৰু চন্দন নামৰ আন এজন কৰ্মচাৰী ৷ জানিব পৰা মতে, এই সম্পূৰ্ণ শ্বুটিং প্ৰক্ৰিয়াটো এটা ব্যক্তিগত ষ্টুডিঅ'ত চলিছিল ৷
লগতে পঢ়কঃকৰণে ভাৱে মই দ্বিতীয়বাৰৰ বাবে নেটফ্লিক্সৰ ছবি কৰিবলৈ চিন্তা কৰিমঃ কিয়াৰা আদৱানী