অসম

assam

ETV Bharat / sitara

"দিৱানা"ৰ ২৯ বছৰ সম্পূৰ্ণ : অনুৰাগীৰ প্ৰশ্নৰ উত্তৰ দিলে কিং খানে - diwana

ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ প্ৰথমখন বলীউড ছবি "দিৱানা"ই মুক্তি লাভ কৰাৰ ২৯ বছৰ সম্পূৰ্ণ হ'ল । বলীউডত খোজ পেলোৱাৰ পৰা আজি পৰ্যন্ত অনুৰাগীয়ে দিয়া মৰমক লৈ অভিভূত অভিনেতাগৰাকী । শুকুৰবাৰে টুইটযোগে "#asksrk" শীৰ্ষক এক অনলাইন অনুষ্ঠানত অংশ লৈ অনুৰাগীৰ সৈতে বাৰ্তালাপ কৰে কিং খানে ।

29th release anniversary of Shah Rukh Khan's debut film Deewana
শ্বাহৰুখ খানৰ প্ৰথমখন বলীউড ছবি "দিৱানা"ই মুক্তি লাভ কৰাৰ ২৯ বছৰ সম্পূৰ্ণ

By

Published : Jun 25, 2021, 5:17 PM IST

নেশ্যনেল ডেস্ক, ২৫ জুন: প্ৰায় তিনিটা দশক জুৰি বলীউডত জিলিকি আছে ছুপাৰষ্টাৰ শ্বাহৰুখ খান । ১৯৯২ চনৰ আজিৰ দিনটোতে শ্বাহৰুখৰ প্ৰথমখন ছবি "দিৱানা"ই মুক্তি লাভ কৰিছিল । সেয়াই আৰম্ভণি । নিজৰ দক্ষতাৰ বলত বলীউডত খোজ পেলোৱা কিং খানে আৰু উভতি চাবলগীয়া হোৱা নাই ।

দোপতদোপে আগবাঢ়ি গৈ থাকিল সফলতাৰ বাটত । শুকুৰবাৰে অভিনতাগৰাকীয়ে টুইটযোগে "#asksrk" শীৰ্ষক এক অনলাইন অনুষ্ঠানত অংশ লয় । টুইটযোগে ১৫ মিনিটৰ বাবে বাৰ্তালাপ কৰিবলৈ তেওঁ অনুৰাগীক আমন্ত্ৰণ কৰিছিল । তেওঁ অনুৰাগীৰ সৈতে বাৰ্তালাপ কৰি বহু প্ৰশ্নৰ উত্তৰ দিয়ে ।

বলীউডত খোজ পেলোৱাৰ পৰা আজি পৰ্যন্ত অনুৰাগীয়ে দিয়া মৰমক লৈ অভিভূত বুলিও তেওঁ মনৰ কথা প্ৰকাশ কৰে । আগন্তুক ছবিখনৰ বিষয়েও অনুৰাগীয়ে শ্বাহৰুখক প্ৰশ্ন কৰে । কম সময়ৰ ভিতৰতে বিভিন্ন প্ৰশ্ন কৰিছিল অনুৰাগীয়ে ।

ফলত #AskSRK হেজটেগ টুইটাৰত ট্ৰেণ্ড কৰিবলৈ আৰম্ভ কৰে । বাৰ্তালাপৰ সময়ত এগৰাকী অনুৰাগীয়ে অভিনেতাগৰাকীৰ বৰ্তমানৰ মনৰ অৱস্থা কি বুলি প্ৰশ্ন কৰে । ছুপাৰষ্টাৰগৰাকীয়ে এই প্ৰশ্নৰ উত্তৰত কয় যে, তেওঁৰ বৰ্তমানৰ মনৰ অৱস্থা মুম্বাইৰ বৰষুণৰ দৰে । আন এজন অনুৰাগীয়ে তেওঁৰ স্বাস্থ্যৰ বিষয়ে প্ৰশ্ন কৰিছিল ।

খুহুতীয়া উত্তৰ দি অনুৰাগীৰ কৌতুহল দূৰ কৰিছিল অভিনেতাগৰাকীয়ে । ৰাজকুমাৰ হিৰাণীৰ সৈতে কাম কৰিবলগীয়া ছবি সন্দৰ্ভত তেওঁ কয় যে, তেওঁ ৰাজকুমাৰ হিৰাণীক ফোন কৰি সুধিব । মনত আঘাত পালে কি কৰে বুলিও এজন অনুৰাগীয়ে কিং খানক প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নৰ উত্তৰত শ্বাহৰখে কয় যে, এনে ঘটনাক কেতিয়াও জীৱনৰ পৰা আঁতৰাই ৰাখিব নোৱাৰি । সেয়ে ইয়াক স্মৃতি হিচাপে ৰাখিবলৈ আৰু দুখৰ পৰা শিক্ষা লৈ শক্তিশালী হ'বলৈ তেওঁ অনুৰাগীজনক পৰামৰ্শ দিয়ে ।

৫৫ বছৰীয়া তাৰকাগৰাকীয়ে ১৯৯২ চনত "দিৱানা"ৰ জৰিয়তে ছবি প্ৰেমীৰ অন্তৰ জয় কৰিছিল । বলীউডত খোজ পেলোৱাৰ পূৰ্বে ৰোমাঞ্চ কিংজনে টেলিভিছনৰ ধাৰাবাহিক ফৌজী আৰু চাৰ্কাছৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল । চমটকাৰ, ৰাজু বন গয়া জেন্টলমেন, ডৰ, বাজিগৰ, দিলৱালে দুলহানিয়া লে জায়েংগে, দিল তো পাগল হ্যে, কুছ কুছ হোতা হ্যে, দেৱদাস, স্বদেশ, কাল হো না হো, চক দে ইণ্ডিয়াৰ দৰে ব্লকবাষ্টাৰ ছবিত অভিনয় কৰিছে শ্বাহৰুখে । শুকুৰবাৰে পুৱতি নিশা টুইটযোগে কিং খানে তেওঁৰ অনুৰাগীসকলক তেওঁলোকৰ মৰম আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । শীঘ্ৰেই পাঠান ছবিত দেখা পোৱা যাব শ্বাহৰুখক ।

লগতে পঢ়ক:কান লায়ন্স চিলভাৰ বঁটা বিজয়ীৰ তালিকাত তাপসী পান্নুৰ 'থাপ্পাড়'

ABOUT THE AUTHOR

...view details