নিউজ ডেস্ক, ১৩ জুলাই:বলিউড চুপাৰষ্টাৰ অভিতাভ বচ্চনৰ অধিক বিপদাশংকা থকা ২৬জন কৰ্মচাৰীৰ ক'ভিড-১৯ ৰ বাবে কৰা শ্বাৱ টেষ্টৰ ফলাফল নিগেটিভ পোৱা গৈছে । উল্লেখ্য যে,শনিবাৰে বিগ বি আৰু তেওঁৰ পুত্ৰ অভিনেতা অভিষেক বচ্চনৰ দেহত ধৰা পৰিছিল ক'ভিড-১৯ৰ উপস্থিতি । বৰ্তমানেও তেওঁলোকক নানাৱতী হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে ।
উল্লেখ্য যে, প্ৰায় ৫৪জনকৈ ব্যক্তি বচ্চন পৰিয়ালৰ সম্পৰ্কলৈ আহিছিল । ইয়াৰে ২৮জন ব্যক্তিয়ে ইতিমধ্যে কোৱাৰেণ্টাইনত আছে। আনহাতে বচ্চন পৰিয়ালৰ বাসগৃহ 'জলসা'ত কৰ্মৰত ২৬জন কৰ্মচাৰীক অধিক বিপদাশংকা থকা বুলি উল্লেখ কৰা হৈছিল ।